‘সীমা বিবাদো আমি আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰিম। কিন্তু অসমৰ পৰা কোনোবা যদি জোৰকৈ মাটি কাঢ়ি নিব খোজে সেইটোত কেতিয়াও মান্তি হ’ব নোৱাৰো। লাগিলে আমি আত্মবলিদান দিম কিন্তু অসমৰ ভূমি ৰক্ষা কৰিম।’- সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মিজোৰাম, অসম, উত্তৰ-পূবৰ ৰাজ্যৰ লগত আমাৰ বন্ধুত্ব আছে, সম্পৰ্ক আছে। সেই সম্পৰ্ক আমি ৰক্ষা কৰিম। যিসকলে প্ৰৰোচনামূলক মন্তব্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছো আৰু আইনৰ মাজেৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম।
‘যেতিয়া অসম আৰু মিজোৰামত কংগ্ৰেছৰ চৰকাৰ আছিলে। নাগালেণ্ড, মিজোৰাম আৰু অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু মেঘালয় আৰু অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, অৰুণাচল আৰু অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু তেতিয়াই অসমৰ মাটি বেছিকৈ কাঢ়ি লৈ যোৱা হৈছিল। গতিকে তেওঁলোকে আমাক কিবা কোৱাৰ আগতে নিজৰ ইতিহাস পঢ়ি লোৱাটো ভাল হয়।’- কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ।
এতিয়া অসমৰ মানুহে জানি ভাল পাব যে, কোনোৱেও আমাৰ এক ইঞ্চি মাটিও লৈ যাব পৰা নাই।
Photo: Khatang Khobor





























Discussion about this post