মহানগৰীত ছুপাৰফাষ্ট চোৰ। উত্তৰ গুৱাহাটীত একেদিনাই ৬ টাকৈ মন্দিৰত চোৰে চলালে চাফাই অভিযান। চোৰে লুটপাত চলোৱা এই ৬ টা মন্দিৰৰ ভিতৰত ৫টা ৰাজহুৱা মন্দিৰ আৰু এটা ব্যক্তিগত মন্দিৰ।
উত্তৰ গুৱাহাটীৰ শিলসাঁকো গাঁৱত থকা শ্ৰী শ্ৰী গোপীনাথ মন্দিৰ, শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ, অভয়পুৰ গাঁৱৰ হৰি মন্দিৰ, গোবিন্দ মন্দিৰ, কটহ বজাৰৰ বাথৌ মন্দিৰ আৰু অভয়পুৰ নিবাসী মোহিনী কাকতিৰ ঘৰৰ ব্যক্তিগত মন্দিৰত চোৰ প্ৰৱেশ কৰি মজিয়া ভাঙি দান পাত্ৰত থকা ধন লৈ পলায়ন। লগতে মন্দিৰৰ ভিতৰত থকা সোণ-ৰূপৰ গহনাও চোৰ কৰি লৈ যায়।
এই চুৰিকাণ্ডৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি। উত্তৰ গুৱাহাটী আৰক্ষী আৰু গৌৰীপুৰ আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Photo: Google





























Discussion about this post