পৰ্ণ’গ্ৰাফী গোচৰত বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা চৰ্চাত আছে দুগৰাকী মডেল।
প্ৰথমগৰাকী হৈছে পুনম পাণ্ডে আৰু দ্বিতীয়গৰাকী হৈছে শ্বাৰ্লিন চোপ্ৰা। এই দুয়োগৰাকী মডেলে ইতিমধ্যে ৰাজ কুন্দ্ৰা গোচৰত তেওঁলোকৰ বিবৃতি প্ৰদান কৰিছে।
এতিয়া পুনম পাণ্ডেৰ এটা নতুন ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে য’ত তেওঁ নগ্নতাৰ বিষয়ে তেওঁৰ চিন্তা অনুৰাগীসকলক প্ৰকাশ কৰিছে।
পৰ্ণ’গ্ৰাফী আৰু Nudityৰ ওপৰত দিলে মন্তব্য
ৰাজ কুন্দ্ৰাৰ গোচৰ সন্দৰ্ভত, তেওঁৰ সমৰ্থকসকলে নিৰন্তৰ কৈ আহিছে যে, যি কাম ৰাজে কৰি আছিল সেয়া পৰ্ণ’গ্ৰাফীৰ শ্ৰেণীত নহয়, ইৰোটিকা (Nudity)ৰ শ্ৰেণীৰহে অন্তৰ্গত।
পুনম পাণ্ডেৰ যিটো ভিডিঅ’ যিটো ভাইৰেল হৈ আছে তাতো তাই এই একেটা বিষয় সন্দৰ্ভতে কোৱা দেখা গৈছে। পুনমে মন্দিৰ আৰু আৰ্টৰ উদাহৰণ দি এই কথা কোৱা দেখা গৈছে যে কিদৰে নগ্নতা এক প্ৰকাৰৰ কলা হয়।
দুয়োটাৰ মাজৰ পাৰ্থক্য ক’লে পুনমে
পুনম পাণ্ডেই ভিডিঅ’টোত কয় যে, ‘শেহতীয়াকৈ মই বহুতো মেছেজ পাই আছো যে, য’ত মোক কয় আছে যে মই পৰ্ণ’গ্ৰাফী আৰু ইৰোটিকাৰ সংজ্ঞা দাঙি ধৰো। গতিকে মই তেওঁলোকক সংজ্ঞায়িত কৰিবলৈ পৰ্যাপ্ত যোগ্য নহয় কিন্তু মই নগ্নতাৰ অৰ্থ বুজি পাঁও কাৰণ মই এইটো কৰিছো। মই নগ্ন ফটোশ্বুট কৰিছো। চাওক নগ্নতাৰ বিষয়ে মই যি ক’ব পাৰো সেয়া হ’ল যে, যদি আপুনি আজি বুক ষ্টোৰত যায় তেন্তে আপুনি কামসূত্ৰৰ যিকোনো কিতাপ ক্ৰয় কৰিব পাৰে।
মন্দিৰ আৰু শিল্পীসকলৰ দিলে উদাহৰণ
পুনম পাণ্ডেই ক’লে, ‘৭০ৰ দশকত MF হুছেইনে নগ্ন চিত্ৰ আঁকিছিল। এয়া ৭০ৰ দশক কথা। এয়া এক প্ৰকাৰৰ কলা আছিল। আমাৰ এনেকুৱা মন্দিৰ আছে, সুন্দৰ স্থান আছে, য’ত আপুনি নগ্ন মূৰ্তি দেখিব পাৰে। এয়া এক প্ৰকাৰৰ কলা। এয়া খুব ধুনীয়া। গতিকে মই নগ্নতাৰ বিষয়ে এইটোৱেই ভাৱো। আনকি এয়া আমাৰ চলচ্চিত্ৰতো দেখা যায়। ইয়াক এক প্ৰকাৰৰ কলা হিচাপে দেখুওৱা হয়। গতিকে এই বিষয়ে এইটোৱেই ভাৱো।
Photo: Google
Discussion about this post