কাৰ্ফিউৰ মাজতে চোৰৰ চকু পৰিল ATMত। এইবাৰ Police কলনিৰ ATMত সোমাল চোৰ। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত বান্দৰদেৱাৰ ATMত চোৰৰ হাতোৰা। দেওবাৰে নিশা প্ৰায় ২ বজাত বান্দৰদেৱাৰ অসম অৰুণাচল সীমান্তৰ police Training Centerৰ সমীপত থকা এটা SBI ATMত চোৰৰ চকু পৰে।
CCTV CAMERA FOOTAGE অনুসৰি নিশা ২ বজাত ২টা চোৰে SBI ATM টোৰ পৰা টকা চুৰি কৰিবলৈ উদ্যত হৈ ATM টোৰ সকলো সংযোগ বিচ্ছিন্ন কৰি ATMত থকা প্ৰায় ৩১ লাখ ২৮ হাজাৰ টকা নিবলৈ এক অপচেষ্টা কৰে।
অৱশ্যে ATMৰ মূল লকাৰটো খুলিব নোৱাৰা বাবে টকা নিব নোৱাৰিলে। কিন্তু ATMটো বাহিৰলৈ উলিয়াই এৰি গুচি যায়।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post