কামপুৰৰ কঁচুৱাত এজন ৫০ বছৰীয়া প্ৰেমিকৰ কু-কাণ্ড। প্ৰেমিক কানাইলালে কাটিলে প্ৰেমিকাৰ কাণ।
প্ৰেমিকা ৪ সন্তান থকা এগৰাকী বিধবা মহিলা আৰু প্ৰেমিক কানাইলালৰ আছে পত্নীসহ সন্তান। কানাইলাল মাধৱপুৰৰ বাসিন্দা। কামপুৰৰ কঁচুৱা লুটুমাৰীৰ প্ৰেমিকাক কাটিলে কাণ।
দীৰ্ঘদিনে আছিল দুয়োৰে গভীৰ প্ৰেমৰ সম্পৰ্ক। পথাৰত কাম কৰিবলৈ যোৱাৰ সময়তে সুবিধা বুজি মহিলাগৰাকীক লগ কৰে কানাইলালে। কিন্তু সেই সময়তে দুয়োৰে মাজত হয় বাক-বিতণ্ডা আৰু এই কাজিয়াই ধাৰণ কৰিলে কালৰূপ। খঙত কানাইলালে কাটিলে মহিলাগৰাকীৰ কাণ। ইয়াৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
ইফালে কানাইলালক সাংবাদিকে পত্নী আছে নে বুলি সোধাত কানাইলালে ক’লে- আগৰটো আছে, আৰু এজনী পাতিব নোৱাৰি নেকি হিন্দু মানুহে? মুছলমানে যদি ৪ জনী বিয়া কৰোৱাব পাৰে আমি কিয় নোৱাৰো। তাই মোক প্ৰতিশ্ৰুতি দিছিল। মোৰ লগতে বিয়া হ’ব বুলি। তাইক নাপালে মই মৰি যাম।
ঘটনা সন্দৰ্ভত সাংবাদিকে কানাইলালক মহিলাগৰাকীক কিয় মাৰিছে বুলি প্ৰশ্ন সোধাত ক’লে- প্ৰেম-পিৰীতি আছে, আঘাত কৰিছে। হাতুৰিৰো মূৰত মাৰিছো। মই নিজেই মাৰিছো তাইক।
এতিয়া প্ৰশ্ন হ’ল যে, কঁচুৱা থানা আৰক্ষীয়ে এই কানাইলালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নে নায়?
Photo: Khatang Khobor





























Discussion about this post