সকলোকে আচম্বিত কৰি মাত্ৰ ১৪ বছৰ বয়সতে জীৱন নাট সামৰিলে মাজুলী প্ৰতিভাসম্পন্ন শিল্পী তেজস্বিতা বৰুৱাই (Tejaswita Baruah Death)। শংকৰ জন্মোৎসৱত বৰগীত গাই থকা অৱস্থাতে অসুস্থ হৈ পৰা তেজস্বিতাক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কিছু সময়ৰ ভিতৰতে কৰুণ মৃত্যুক সাৱটি লৈছিল কণমানি শিল্পীগৰাকীয়ে।
গীত,নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী (Majuli) কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) আকস্মিক মৃত্যুত মৰ্মাহত ৰাজ্যবাসী।
শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ উত্থাপন হৈছে মাজুলীৰ স্বাস্থ্যখণ্ডলৈ। ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই। জৰুৰীকালীনভাবে তেজস্বিতাক প্ৰদান কৰিবলৈ অক্সিজেনৰ ব্যৱস্থা নাছিল মাজুলীৰ চিকিৎসালয়খনত (Majuli’s Garmur Civil Hospital)। তেজস্বীতাৰ মৃত্যুৱে উদঙাই দিলে মাজুলীৰ স্বাস্থ্যখণ্ডৰ পুতৌজনক ছবিখনো।
মাজুলীৰ দৰিয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, গড়মূৰৰ জিলা চিকিৎসালয়ত প্ৰায় এক-ডেৰ ঘণ্টা অচেতন হৈ থকাৰ পিছতো তেজস্বিতাক অক্সিজেনৰ যোগান বা ICUত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰিছিল চিকিৎসালয়খনে।
ইফালে এই ঘটনাৰ পিছতেই নিলম্বন কৰা হৈছে মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক (The Superintendent, Dr Amulya Goswami Suspended)। আনহাতে ডাঃ কিশোৰ কুমৰ বৰ্মনক দিয়া হৈছে চিকিৎসালয়খনৰ অধীক্ষকৰ দায়িত্ব।
লগতে চিকিৎসালয়ত কি পৰিস্থিতিৰ সন্মুখীন হৈছিল তেজস্বিতা? মোক বচাওক-মোক বচাওক বুলি বহু সময় চিঞৰিছিল তেজস্বিতাই। কৰ্তব্যৰত নাৰ্ছ-চিকিৎসকৰ ওপৰত ক্ষোভ উজাৰি পৰিস্থিতিৰ বৰ্ণনা দিলে আত্মীয়ই।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-road-accident-2-youth-died-at-samaguri-in-assam/12072/
Discussion about this post