মাজত মাথো এটা দিন শাৰদীয় দুৰ্গোৎসৱক (Durga Puja) লৈ। ইতিমধ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। ৰাজ্যৰ প্ৰতিখন জিলাতে আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজাৰ মণ্ডপসমূহ।
ইফালে পূজাৰ উৎসাহৰ মাজতে সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সকিয়নী প্ৰদান কৰিছে প্ৰশাসনে। সুৰাপান (Liquor) কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমণা বিহাৰ লগতে লাইচেঞ্চ পৰ্যন্ত বাতিল কৰা হ’ব পাৰে বুলি ইতিমধ্যে সকিয়নী প্ৰদান কৰিছে পৰিবহণ বিভাগে।
এই সকলোৰে মাজতে পূজাৰ বতৰত সুৰাপায়ীসকলক উদ্দ্যেশি পৰামৰ্শ প্ৰদান কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Parimal Suklabaidya)। তেওঁ কয় যে- পূজাৰ সময়ত সুৰাপান কৰি উদ্ভণ্ডালি কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব হ’ব। লগতে তেওঁ কয় যে,‘পৰাপক্ষত সুৰাপান কৰিব নালাগে। কিন্তু অগত্যা যদিও কৰেও, তেন্তে সিমানখিনি খাওক যাতে মানুহে গম নাপায়।’
সুৰাপান কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈও আহ্বান জনাইছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। তেওঁ কয় যে সুৰাপান কৰি ঘৰটো কাজিয়া পেচাল কৰিব নালাগে। অলপ খাই শুই থাকিলেই হ’ল।
Photo: Google
Discussion about this post