বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) মহিলাসকলৰ সপক্ষে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Supreme Court Judgment) গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এটা ৰায়দান কৰে।
ন্যায়ালয়ৰ ৰায় অনুসৰি এতিয়াৰে পৰা ভাৰতৰ বিবাহিত মহিলা আৰু অবিবাহিত যুৱতীসকলে সুৰক্ষিত আৰু আইনী গৰ্ভপাতৰ (Abortion) অধিকাৰী হ’ব। অৰ্থাৎ এতিয়াৰে পৰা অবিবাহিত যুৱতীয়েও গৰ্ভপাতৰ কৰাটো আইন মতে দণ্ডনীয় নহয়।
সকলো মহিলাৰ গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে নিৰাপদ আৰু আইনী গৰ্ভপাতৰ অধিকাৰ আছে (Unmarried Woman Can Undergo Abortion Up To 24 Weeks)। -এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি আইন সংশোধন কৰি কয় যে এগৰাকী বিবাহিত মহিলাৰ দৰে অবিবাহিত যুৱতীসকলৰো গৰ্ভপাত কৰাৰ অধিকাৰ আছে (Supreme Court On Abortion)।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় (Justice DY Chandrachud), ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ এ বোপান্নাৰ বিচাৰপীঠে গৰ্ভপাত সম্পৰ্কীয় এক আবেদনৰ শুনানি গ্ৰহণৰ সময়ত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
ন্যায়ালয়ে কয় যে গৰ্ভপাত আইন অনুসৰি বিবাহিত আৰু অবিবাহিত মহিলাৰ মাজত থকা পাৰ্থক্য “কৃত্ৰিম আৰু সাংবিধানিকভাৱে অস্থায়ী” আৰু ই কেৱল বিবাহিত মহিলাইহে যৌন সক্ৰিয় বুলি কোৱা কু-সংস্কাৰক স্থায়ী কৰি ৰাখিছে।
এইটোৱে আইনখনত অবিবাহিত মহিলাসকলক সামৰি লোৱাৰ আইনী অভিপ্ৰায় প্ৰতিফলিত কৰে। আদালতে এইমছৰ সঞ্চালকক গৰ্ভপাতৰ ফলত মহিলাগৰাকীৰ জীৱনৰ প্ৰতি কোনো ভাবুকি সৃষ্টি কৰিব নেকি সেয়া চাবলৈও এখন চিকিৎসা পৰিষদ গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/ajay-phukan-song-thief-in-assam/12022/
Discussion about this post