শিৱসাগৰ জিলাৰ (Sivasagar District) গৌৰীসাগৰ আৰক্ষী থানাত (Gaurisagar Police Station) আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু (Bike Thief Died)। গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপত মঙলবাৰে বিয়লি পুতুল দাস নামৰ এজন লোকৰ AS 04 H 8430 নম্বৰৰ এখন কলা ৰঙৰ পালচাৰ বাইক চুৰি হৈছিল। নিশা গৌৰীসাগৰ আৰক্ষীয়ে চিচিটিভি ফুটেজৰ আধাৰত গৌৰীসাগৰ আৰক্ষীয়ে (Gaurisagar Police) বাবু গোৱালা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ (Arrest) কৰিছিল।
নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বাইক চোৰ বাবু গোৱালাই। পলায়নৰ চেষ্টা কৰোতেই কাষতে অৱস্থিত গৌৰীসাগৰ বৰপুখুৰীত পৰি যোৱাত সংকটজনক অৱস্থাত গৌৰীসাগৰ আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে বাইক চোৰ বাবু গোৱালাক।
এই ঘটনাৰ পিছতে পুৱা গৌৰীসাগৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিয়ালৰ লোকে বাবু গোৱালাৰ মৃত্যুৰ কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানাৰ চৌহদ উত্তপ্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হয়।
এই ঘটনাটোৰ পিছতে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিত বৰঠাকুৰক তৎকালীনভাবে নিলম্বন (Suspend) কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ অধীনত সমগ্ৰ ঘটনাৰ তদন্ত কৰিব শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police)।
Photo & Input: পাৰচিচ আহমেদ
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/4th-grade-school-worker-sad-story-at-mangaldai-in-assam/12004/
Discussion about this post