মাটিৰ তলত গুপ্তধনৰ ভাণ্ডাৰ! শোণিতপুৰ আৰক্ষীয়ে (Sonitpur Police) গাঁত খান্দি উলিয়ালে লাখ লাখ টকাৰ বাণ্ডিল। চোতালত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ ১৫ লক্ষাধিক টকা (15 Lakhs Money Recover)। পাঁচমাইল নিবাসী স্বয়ম্ভূ কবিৰাজ আব্দুল কৰিমৰ বাসগৃহৰ পৰা ৰাতি ৩ বজালৈকে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ টকাখিনি।
উল্লেখযোগ্য যে তেজপুৰ বৰঘাট আৰক্ষী (Tezpur Barghat Police) চকীৰ অন্তৰ্গত স্বয়ম্ভূ কবিৰাজ বাবা আব্দুল কৰিমৰ বাসগৃহত শোণিতপুৰ আৰক্ষীৰ উপ-অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ১৫ লক্ষাধিক টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত উদ্ধাৰ টকাখিনি। চোতালত ঘৰৰ চিৰিৰ তলত গাঁত খান্দি এটা ট্ৰাংকত লুকুৱাই ৰাখিছিল টকাখিনি।
ইপিনে আৰক্ষীৰ উপস্থিতিৰ কথা গম পাই পলায়ন কৰে আব্দুল কৰিমে। উল্লেখ্য যে, পলায়ন কৰা আব্দুল কৰিম এজন তান্ত্ৰিক। ইতিপূৰ্বে গাড়ী চুৰিৰ গোচৰ আৰু বেজালিৰ বাবে জে’ললৈ গৈছিত আব্দুল কৰিম।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post