বঢ়মপুৰৰ (Brahmapur) নৰ্টম গাৱঁত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। যাত্ৰীবাহী বাছ আৰু গ্ৰেণ্ড আইটেনৰ মাজত (Bus And Grand i10 Colided) মুখামুখি সংঘৰ্ষ। প্ৰায় এক ঘণ্টা ধৰি দুৰ্ঘটনাগ্ৰস্ত গ্ৰেণ্ড আইটেনখনত আবদ্ধ হৈ থাকিল চালক মহিলাগৰাকী। সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত মহিলা চিকিৎসক ৰিজুৱানা বেনজিক (২৯) নগাঁৱৰ ব্যক্তিগত চিকিৎসালয় ডিউ কেয়াৰত লৈ যোৱা হৈছিল যদিও কৰুণ মৃত্যুক সাৱটে (Women Doctor Died)।
মুখ্যমন্ত্ৰীৰ সভালৈ একাংশ আৰক্ষী জোৱানক লৈ ৰাজপথৰ ভুল দিশেৰে গৈ আছিল যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় কেইবাজনো আৰক্ষী জোৱান (Several Jawan Injured) ৷
নৱম অসম আৰক্ষীৰ ছাউনীৰ পৰা অহা জোৱানসকলে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো চালকে বলেৰে বাছখন ভুল দিশত চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ৰাইজৰ প্ৰচেষ্টাত দুৰ্ঘটনাগ্ৰস্ত গ্ৰেণ্ড আইটেনখনৰ পৰা উদ্ধাৰ কৰা মহিলা চালকগৰাকীক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে নগাঁও আৰক্ষী।
Photo & Input: ৱাহিদুদ জামান
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-benefits-of-cucumber-peel-for-health/11922/
Discussion about this post