এক নৃশংস হত্যাকাণ্ডৰ (Killed) ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ (Jharkhand) হাজাৰিবাগ জিলাৰ (Hazaribagh District) ইচাকত (Ichak)। গাড়ীৰ কিস্তি দিয়াত (Delay in paying EMI) পলম কৰাৰ বাবেই কৃষকৰ গৰ্ভৱতী কন্যাক ট্ৰেক্টৰেৰে মহটিয়াই হত্যা কৰিলে লোন ৰিক’ভাৰী এজেণ্টে (Recovery Agent Killed Pregnant Women)।
জানিব পৰা অনুসৰি, ইচাকৰ ছিজুৱা গাঁৱৰ নিৱাসী বিশেষভাবে সক্ষম কৃষক মিথিলেশ মেহতাই (Divyang Mithilesh Mehta) ২০১৮ চনৰ ছেপ্টেম্বৰত মহিন্দ্ৰা ফাইনেঞ্চৰ (Mahindra Finance) পৰা ঋণ লৈ কৃষি কৰ্মত ব্যৱহাৰৰ বাবে এখন ট্ৰেক্টৰ (Tractor) কিনিছিল।
কিন্তু ক’ভিড মহামাৰীৰ আতংকৰ মাজত আন লোকৰ দৰে মিথিলেশ মেহতাইও ব্যক্তিগত বিত্তীয় কোম্পানীটোৰ ট্ৰেক্টৰখনৰ ৬টা EMI দিব পৰা নাছিল। যাৰ বাবে কৃষকজনলৈ এখন জাননী জাৰি কৰি কোম্পানীটোৱে সুদসহ ১৩ লাখ টকা জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
এই জাননীৰ পিছত মিথিলেশ মেহতাই ১৩ ছেপ্টেম্বৰত ১২ লাখ টকা লৈ কোম্পানীটোৰ কাৰ্যালয়লৈ যায় যদিও কোম্পানীটোৱে একেলগে ১৩ লাখ টকা জমা দিবলৈ পুনৰ কয় কৃষকজনক। যাৰ বাবে মিথিলেশে ঘৰলৈ আহি বাকী ধন সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে।
কিন্তু ১৫ ছেপ্টেম্বৰত কোম্পানীটোৰ লোন ৰিক’ভাৰী এজেণ্টে কৃষকজনৰ ট্ৰেক্টৰখন টানি নিবলৈ আহে। ট্ৰেক্টৰখন ৰিক’ভাৰী এজেণ্টে টানি নিবলৈ অহাৰ খবৰ পোৱাৰ লগে লগে সেই ঠাইত উপস্থিত হয় কৃষক মিথিলেশৰ (Divyang Mithilesh Mehta) বিবাহিত গৰ্ভৱতী কন্যা মণিকা মেহতা (Monika Mehta, the young pregnant daughter)।
মণিকাই ৰিক’ভাৰী এজেণ্টক স্থানীয় বিষয়াৰ সৈতে কথা পতাই দিবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো ৰিক’ভাৰী এজেণ্টজনে ট্ৰেক্টৰখন উঠাই নিয়াৰ সিদ্ধান্তত অটল হৈ থাকে। সেই সময়ত কৃষক কন্যা মণিকাই ট্ৰেক্টৰখনৰ সন্মুখত থিয় হৈ ৰিক’ভাৰী এজেণ্টক বাধা দিবলৈ যথেষ্ট চেষ্টা চলায়।
কিন্তু ৰিক’ভাৰী এজেণ্টজনে পৰিয়ালৰ কোনো কথাই নুশুনি মণিকাৰ গাৰ ওপৰেৰে ট্ৰেক্টৰখন চলাই নিবলৈ চালকক নিৰ্দেশ দিয়ে। যাৰ পিছত চালকে মণিকাক মহতিয়াই নিয়ে ট্ৰেক্টৰেৰে।
এই ঘটনাত গুৰুতৰভাৱে আহত হয় গৰ্ভৱতী মহিলাগৰাকী। লগে লগে তেওঁক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰে চিকিৎসকে। কিন্তু ৰাঁচীৰ হাস্পতাললৈ নিয়াৰ পথতে মৃত্যুক সাৱটি লয় মণিকা মেহতাই। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
Photo: News8 Northeast
Discussion about this post