Viral Video Of A Thief: বৰ্তমান ইণ্টাৰনেটত এনে এটা ভিডিঅ’ ভাইৰেল (Internet Viral Video) হৈ আছে য’ত চোৰৰ কথা ওলোটা শুনা গৈছে। সাধাৰণতে যেতিয়া চোৰ ধৰা পৰে তেতিয়া সি কয় যে মোক এৰি দিয়ক। কিন্তু এই ভাইৰেল ভিডিঅ’টোত (Viral Video) চোৰে কয় আছে যে মোক এৰি নিদিব। দৰাচলতে এইটো এটা চলন্ত ৰেলৰ ভিডিঅ’ (Train Viral Video)।
দৰাচলতে এই ঘটনাটো বিহাৰৰ (Bihar) খগৰীয়া ৰে’ল ষ্টেচনত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভাইৰেল ভিডিঅ’টোত (Viral Video) এজন লোকক ৰে’লৰ খিৰিকীৰ বাহিৰত ওলমি কাতৰভাৱে চিঞৰি থকা দেখিবলৈ পোৱা গৈছে। ভিতৰৰ পৰা চোৰটোক পৰি যাব নিদিয়াকৈ দুয়োখন হাতত ধৰি আছে দুজন লোকে।
ঘটনাৰ বিৱৰণী অনুসৰি, খগৰীয়া ৰে’ল ষ্টেচনত মোবাইল চুৰি কৰিবলৈ আহিছিল চোৰটোৱে (Viral Video Of A Thief)। খিৰিকিৰে ৰে’ল যাত্ৰীৰ মোবাইল থপিয়াই নিয়াৰ ঘটনা পূৰ্বেও বহুবাৰ সংঘটিত হৈছে সেই ৰে’ল ষ্টেচনটোত।
Watch Viral Video-
কিন্তু এইবাৰ যেন চোৰৰ দিন বেয়া আছিল। চোৰটোৱে খিৰিকীৰে হাত ভৰাই এজন যাত্ৰীৰ মোবাইল থপিয়াব খোজতেই যাত্ৰীৰ হাতত চোৰটো ধৰা পৰে।
আৰু সেই সময়তে ৰে’লখন চলিবলৈ (Moving Train) আৰম্ভ কৰাত খিৰিকীৰ বাহিৰতে ওলমি ৰয় চোৰটো। ইফালে লাহে লাহে গতি লোৱা ৰে’লৰ পৰা সৰি পৰাৰ ভয়ত চোৰটোৱে চিঞৰি চিঞৰি অনুৰোধ কৰে যে- হাতখন এৰি নিদিব… হাতখন এৰি নিদিব, নহ’লে মই মৰি যাম।
যাত্ৰাৰ সময়ত মানুহে চোৰটোৰ ওপৰত দয়া কৰি হাত দুখন জোৰেৰে ধৰি ৰাখিছিল। সেই সময়ছোৱাত চোৰটোৰ হাতত যথেষ্ট বিষ হৈছিল আৰু তাৰ মুখত কষ্ট দেখা গৈছিল। ঘটনাটো বুধবাৰে নিশা ১০.৩০ বজাত সমস্তিপুৰ-কাটিহাৰ যাত্ৰীবাহী ৰে’লৰ চাহেবুপাৰ কমল-উমেশনগৰৰ মাজত সংঘটিত হৈছিল।
Photo: Google
Discussion about this post