অসমীয়া মাধ্যমত ইংৰাজী মাধ্যম পঢ়ুওৱাটো অবৈজ্ঞানিক আৰু অদূৰদৰ্শী সিদ্ধান্ত বুলি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা (AASU Chief Advisor) ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Samujjal Kumar Bhattacharya)।
জামুগুৰিহাটৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সংবাদমাধ্যমৰ সৈতে কথা পাতি অসমীয়া তথা মাতৃভাষাৰ মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যম ব্যৱহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় আছুৰ নেতাগৰাকীয়ে।
তেওঁ কয় যে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে আন্দোলন হৈছিল। অসমীয়া ভাষাত উচ্চ শিক্ষা প্ৰদানৰ বাবে আন্দোলন হৈছিল। ইয়াৰ বাবে এচাম শ্বহীদ হৈছিল। এই ঐতিহাসিক পটভূমিক পাহৰি যাব নালাগিব। ঐতিহাসিক পটভূমিক আগত ৰাখি ছাত্ৰ-ছাত্ৰীসকলক প্ৰাসংগিকভাৱে এটা প্ৰতিযোগী মন লৈ আগুৱাই নিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Samujjal Kumar Bhattacharya)।
Photo: Google





























Discussion about this post