শিক্ষক দিৱসৰ (Teachers’ Day) দিনাই ৰাজ্যত সংঘটিত হ’ল এক অপ্ৰত্যাশিত ঘটনা (Tragic Incident)। আজিৰ এই পৱিত্ৰ দিনটোতে এগৰাকী শিক্ষকে ল’লে আত্মহত্যাৰ (Suicide) দৰে চৰম সিদ্ধান্ত। এই ঘটনা সংঘটিত হৈছে ধেমাজিত (Dhemaji)। গোগামুখৰ (Gogamukh) বৰদলনিত ৰাজেন বণিয়া নামৰ শিক্ষকগৰাকীয়ে লোৱা আত্মহত্যাৰ সিদ্ধান্তই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
শিক্ষামন্ত্ৰীৰ সমষ্টিৰ বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ ৫০৩আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াই কৰিলে আত্মহত্যা। দীৰ্ঘদিনে বিনা বেতনেৰে শিক্ষাদান কৰা শিক্ষকগৰাকীৰ আত্মহত্যাৰ (Suicide Case) ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰাজেন বণিয়াই শিক্ষকতা কৰা বিদ্যালয়খন স্বাধীনতাৰ পূৰ্বেই স্থাপন কৰা হৈছিল যদিও আজি পৰ্যন্ত প্ৰাদেশীকৃত নহ’ল। দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা ৰাজেন বণিয়াই অৱশেষত ল’বলৈ বাধ্য হয় এই সিদ্ধান্ত।
ঘটনা অনুসৰি অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা দীৰ্ঘদিন ধৰি বিদ্যালয়ৰখনৰ মধ্য ইংৰাজী শাখাত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল। অৱশেষত ২০১৩ চনৰ শিক্ষা বিভাগৰ চামিকৰণ নীতি অনুসৰি ৫০৩ আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগত চামিল হয়। মন কৰিবলগীয়া যে, তেখেতৰ শিক্ষক পদ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত নোসোমোৱাত ভাগি পৰে শিক্ষকজনে। তাৰ পিছতে এই চৰম পন্থা বাচি লয়।
শিক্ষকজনৰ এই শোকাৱহ মৃত্যুৰ ঘটনাই (Teacher Suicide Tragic Incident) মৰ্মাহত কৰি তুলিছে সকলোকে।
যি সময়ত অসম চৰকাৰে শিক্ষা বিভাগৰ উন্নতিৰ ঢাক-ঢোল বজাই আছে তেনে সময়তে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই আত্মহত্যা কৰা ঘটনা নিশ্চয়কৈ দুৰ্ভাগ্যজনক।
Photo & Input: ভৃগু কুমাৰ বৰুৱা
Discussion about this post