ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-এ আণ্ডাৰৱৰ্ল্ড গেংষ্টাৰ (Underworld Gangster) তথা ১৯৯৩ চনৰ মুম্বাইৰ (Mumbai) ধাৰাবাহিক বিস্ফোৰণত দোষী সাব্যস্ত কৰা ডাউদ ইব্ৰাহিমৰ (Dawood Ibrahim) নামত ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে (NIA Announces 25 Lakh Bounty)। ইফালে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে তেওঁৰ সহযোগী ছোটা শকীলৰ (Chhota Shakeel) ওপৰতো। লগতে ডাউদ ইব্ৰাহিমৰ ভাতৃ আনিছ ইব্ৰাহিম (Anees Ibrahim), জাভেদ চিকনা (Javed Chikna) আৰু টাইগাৰ মেমনৰ (Tiger Memon) ওপৰতো ১৫ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা হৈছে (Bounty Of ₹ 15 Lakh Each)। এই গেংষ্টাৰ কেইজনৰ বিষয়ে যিয়েই NIAক তথ্য দিব, তেওঁলোকক এই পুৰস্কাৰ দিয়া হ’ব।
আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ লগতে গেংটোৰ আন সদস্যৰ বিৰুদ্ধে ৰুজু হৈছে বহু গুৰুতৰ গোচৰ, যাৰ তদন্ত অব্যাহত ৰাখিছে NIA-এ। ইয়াৰ ভিতৰত আছে ১৯৯৩ চনত মুম্বাইত (Mumbai Blast) সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণ য’ত শ শ লোকৰ মৃত্যু হৈছিল।
উল্লেখ্য যে, মূলতঃ কৰাচীত বাহৰ পাতি থকা ডাউদ ইব্ৰাহিমে ১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণকে ধৰি ভাৰতত একাধিক সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিছিল।
Photo: Google
Discussion about this post