যিমানে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হৈছে সিমানে ৰাজ্যত চলি আছে ঘোচ লোৱাৰ অঘোষিত প্ৰতিযোগিতা। বিগত সময়ত ঘোচ (Arrest While Taking Bribe) লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া তথা কৰ্মচাৰী।
শেহতীয়াকৈ ঘোচ লৈ মঙলবাৰে পুনৰ গ্ৰেপ্তাৰ (Arrest) হ’ল এজন প্ৰধান শিক্ষক (Headmaster)। মৰিগাঁও (Morigaon) জিলাত এজন শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘোচ (12 Thousand) লৈ হাতে-লোটে ধৰা পৰিল প্ৰধান শিক্ষকজন।
এই প্ৰধান শিক্ষকগৰাকী হৈছে মৰিগাঁও জিলাৰ মইৰাবাৰীৰ হাতীমূৰীয়া এম ভি স্কুল প্ৰধান শিক্ষক দিদাৰুল ইছলাম। জানিব পৰা অনুসৰি, লাহৰীঘাট শিখা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ পৰা বদলি হোৱা এজন শিক্ষকৰ ছাৰ্ভিচ বুক আৰু এলপিচিৰ কাম কৰি দিয়াৰ বিনিময়ত ১২੦੦ টকাৰ ঘোচ লৈছিল প্ৰধান শিক্ষকগৰাকীয়ে।
তেনে সময়তে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয় (Directorate Of Vigilance & Anti-Corruption), অসমৰ অভিযানকাৰী দলে তেওঁক হাতে-লোটে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি বিদ্যালয়খনতে প্ৰধান শিক্ষকগৰাকীক জেৰা চলাইছে ভিজিলেঞ্চৰ দলে।
Photo & Input: Khatang Khobor
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/darrang-story-decisions-of-the-brahmin-society-in-assam/11287/
Discussion about this post