মৰিগাঁৱৰ (Morigaon) মিকিৰভেটা আৰক্ষী থানাৰ (Mikirveta Police) অন্তৰ্গত দলংঘাটত নিশা সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case)। পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ (Son Killed Mother)।
নিশা ২ পুত্ৰই সুৰাপান কৰি ঘৰত সোমাইছিল আৰু দুয়োয়ে ঘৰত আহি সুৰামত্ত অৱস্থাত কাজিয়া কৰিবলৈ আৰম্ভ কৰিছিল। সেই কাজিয়া ভাঙিবলৈ যাওঁতে মাতাল ২ পুত্ৰই ওলোটাকে মাৰিলে মাতৃক।
নিশাই মিকিৰভেটা আৰক্ষী (Mikirveta Police) উপস্থিত হৈ দুই পুত্ৰ জান আলী আৰু মিন্টু আলীক গ্ৰেপ্তাৰ (Arrest) কৰে। লগতে মৃত মাতৃ মনোৱাৰা বেগম (৫৮)ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।
Photo & Input: ছাইদুল ইছলাম
Published By: Dulu Medhi
Discussion about this post