পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল ৰাজ্যত (Assam)। চৰকাৰী হাস্পতালত (Govt Hospital) পত্নীয়ে ‘মৃত’ সন্তান জন্ম দিয়া বুলি সকলোকে মিছা কথা কৈছিল। তাৰ পিছত নিজৰ সদ্যোজাত কন্যা সন্তানটিক এজন পুৰোহিতৰ ওচৰত ৬ হাজাৰ টকাত বিক্ৰী কৰিলে এজন পাষাণ হৃদয় পিতৃয়ে (Father Sell His Infant Daughter For Money)।
কিন্তু এই কথা পোহৰলৈ অহাৰ পিছত ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় পিতৃৰ লগতে কন্যা সন্তান ক্ৰয় কৰা পুৰোহিতজন। ঘটনাৰ স্থান গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়।
জানিবলৈ দিয়া অনুসৰি গহপুৰ আৰক্ষী (Gohpur Police) থানাৰ অন্তৰ্গত মাগনি কছাৰী গাঁও নিবাসী ভীমলাল গোড়ৰ পুত্ৰ চুৰেন গৌড় (৪৫)ৰ পত্নী লাকী গৌড়ে ১১ আগষ্টত চিকিৎসালয়খনত এটি সুস্থ কন্যা সন্তান জন্ম দিছিল। ছিজাৰিয়ান পদ্ধতিৰে কন্যা সন্তান জন্ম দি অচেতন অৱস্থাত থকা পত্নীৰ অজ্ঞাতে স্বামী চুৰেন গৌড়ে কন্যা সন্তানটিক মৃত অৱস্থাত জন্ম হোৱা বুলি সকলোকে জানিবলৈ দিয়ে।
ইয়াৰ পিছতে এগৰাকী মহিলাৰ সহযোগত নিজৰ কন্যা সন্তানটিক লখিমপুৰ লীলাবাৰীৰ এজন পুৰোহিতক বিক্ৰী কৰে। কিন্তু পুত্র চুৰেন গৌড়ৰ ওপৰত সন্দেহ ওপজাত পিতৃ ভীমলাল গৌড়ে ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
এই এজাহাৰৰ ভিত্তিত গহপুৰ আৰক্ষীয়ে চুৰেন গৌড় আৰু শিশু সৰবৰাহ কার্যত সহযোগিতা আগবঢ়োৱা টোপনি গোৱালা নামৰ মহিলাগৰাকীক আটক কৰি সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
ইয়াৰ পিছতে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত আৰু উপ-পৰিদৰ্শক ধীৰাজ নমঃশূদ্ৰৰ নেতৃত্বত যোৱা নিশাৰে পৰা আৰম্ভ হয় এক অভিযান। আৰক্ষীৰ অভিযানকাৰী দলটোৱে লখিমপুৰৰ (Lakhimpur) লীলাবাৰীৰ পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায় (৪৬)ৰ ঘৰৰ পৰা নৱজাতক কন্যা সন্তানটিক সুস্থ অৱস্থাত উদ্ধাৰ কৰে।
আৰক্ষীয়ে তিনি অভিযুক্ত ক্ৰমে চুৰেন গোড়, টোপনি গোৱালা আৰু কৃষ্ণ প্রসাদ উপাধ্যায়ৰ বিৰুদ্ধে ১৩੦/২੦২২ নম্বৰত এটা গোচৰ ৰুজু কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰে। নৱজাত সন্তানটিক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি মাতৃৰ হাতত চমজাই দিছে।
উল্লেখযোগ্য যে চুৰেন গৌড়ে টোপনি গোৱালাৰ সহযোগত নৱজাত কন্যা সন্তানটিক পূজাৰী কৃষ্ণ প্রসাদ উপাধ্যায়ক ৬ হাজাৰ টকাত বিক্ৰী কৰিছিল।
নৱজাত কন্যা সন্তানটিক বিক্ৰী কৰাৰ বিষয়টো সংজ্ঞাহীন হৈ থকাৰ বাবে প্রথম অৱস্থাত লাকী গোড়ে জনা নাছিল যদিও পিছত নিজ পিতৃয়েই সন্তানটিক বিক্ৰী কৰা বুলি জানিব পাৰে।
চিকিৎসালয়ৰ প্ৰসূতি গৃহৰ পৰা নৱজাত সন্তান নি বিক্ৰী কৰিবলৈ সাহস কৰা বিষয়টো এতিয়া সকলোৰে মুখে মুখে চৰ্চাৰ বিষয় হৈ পৰিছে।
Photo: News8 Northeast
Discussion about this post