এক প্ৰেম কাহিনী (Love Case)! যি প্ৰেম কাহিনীৰ আছে বহুকেইটা মূৰ। এই কাহিনীত আছে প্ৰেমিক, প্ৰেমিকা, যৌনতা আৰু প্ৰতাৰণা। প্ৰেমিকৰ বয়স ৫৫ বছৰ আৰু প্ৰেমিকা বিবাহ বিচ্ছেদ মহিলা। তাৰ পিছৰ ঘটনা শুনিবলগীয়া…
এটা ১৪ ছেকেণ্ডৰ ভিডিঅ’ (Viral Video)। ভিডিঅ’টো চাই অলপ বুজিবলৈ কঠিন হ’ব কিন্তু সম্পূৰ্ণ ঘটনাটো পঢ়ি লওক তেতিয়াহে বুজিব।
Viral Audio-
নগাঁও (Nagaon) জিলাৰ ধিঙৰ (Dhing) ঘটনা। ধিঙৰ ব্যৱসায়ী অসিম কুমাৰ ৰয় ওৰফে ৰাজু। বয়স ৫৫ বছৰ। এইজন লম্পট ৰাজুৰ পত্নী আৰু সন্তান থকাৰ পিছতো ধিঙৰে কৰবী শইকীয়া নামৰ এগৰাকী বিবাহ বিচ্ছেদ বোৱাৰীৰ লগত ৫ বছৰে চলাই আহিছে অবৈধ প্ৰেমৰ সম্পৰ্ক। এই কথাটো ২০১৭ৰ।
প্ৰথমে ৰাজুৱে এইগৰাকী বোৱাৰীক দিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু এই প্ৰস্তাৱত অমান্তি হ’ল বোৱাৰী। তাৰ পিছত উপায়হীন হৈ বিবাহৰ প্ৰস্তাৱ দি বোৱাৰীক প্ৰেমৰ জালত পেলাই ৫টা বছৰে ৰাজুৱে কৰি আহিছে প্ৰতাৰণা। তাৰ মাজতে ৰাজুৱে দুবাৰকৈ গৰ্ভধাৰণো (Pregnancy) কৰাইছে মহিলাগৰাকীক। কিন্তু আজিলৈকে ৰাজুৱে বিয়া পাতিবলৈ মান্তি নহ’ল বোৱাৰীগৰাকীক।
অৱশেষত একো উপায় নাপায় ৰাজুৰ মনত পৰিল নিজৰ বয়সৰ কথা। ফোন ৰেকৰ্ডিঙত স্পষ্টভাবে মহিলাগৰাকীক কোৱা শুনা গৈছে যে- ‘এই বয়সত আকৌ বিয়া পাতিলে দেহা মৰি যাব।’
সেয়েহে ৰাজুৱে বোৱাৰীগৰাকীক কথা দিছিল- প্ৰতিমাহে মহিলাগৰাকীৰ খৰচ বহন কৰিব বুলি। কিন্তু এইজন লম্পট ৰাজুৱে কথা দি নাৰাখিলে কোনো এটা কথাই। অৱশেষত উপায়বিহীন হৈ বোৱাৰীগৰাকী লৈছে আইনৰ আশ্ৰয়।
Photo & Input: ছাইদুল ইছলাম
Published By: Dulu Medhi
Discussion about this post