আজিৰ দিনটোত অসমৰ কেবিনেটে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ সিদ্ধান্ত ল’ব লাগে নে ভেকচিন ঘৰে ঘৰে দিয়াৰ সিদ্ধান্ত দিব লাগে। সদনৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ?
‘মই যিদিনাৰ পৰা বিধায়ক হৈছো, সেইদিনাৰ পৰা মই এটাই কথা কৈ আছো- ভেকচিন ঘৰে ঘৰে পোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰত্যকজন লোককে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। দৈনিক ৩ লাখকৈ ভেকচিন দিয়াৰ শ্ল’গান এতিয়া ক’ত গ’ল এতিয়া?- চৰকাৰলৈ প্ৰশ্ন বিধায়কগৰাকীৰ।
এতিয়া কেইজন মানুহক ভেকচিন দি থকা হৈছে? ভেকচিনৰ কথা লুকাই গ’ল, কোনেও এতিয়া নকয়। অথচ অসমৰ মানুহে এতিয়াও ভেকচিন ল’বলৈ পোৱা নায়।
দ্বিতীয় কথা ইমান যে মানুহৰ ক্ষতি হ’ল আজি অটো চালকৰ পৰা ৰিক্সা চালকলৈ, ঠেলা চালকৰ পৰা হাজিৰা কৰা মানুহজনৰ পৰা উদ্যোগকৰ্তালৈ, পৰ্যটন উদ্যোগৰ পৰা হোটেল ব্যৱসায়ীজনলৈকে, প্ৰতিজন মানুহৰ ক্ষতি হৈছে, উকীলৰ পৰা সাংস্কৃতিক জগতৰ কৰ্মীলৈ, সকলোৱে অৰ্থনীতিত ভাঙি চূৰমাৰ হৈ গ’ল,
বাৰম্বাৰ দাবী কৰি আহিছো যে লকডাউন ক’ভিড-১৯ত মানুহক ক্ষতিপূৰণ দিব লাগে, নহ’লে দেশৰ-ৰাজ্যৰ অৰ্থনীতি ভাঙি যাব। কিন্তু তাক লৈ কোনো কথা নাই, এতিয়া সুৰাৰ হোম ডেলিভাৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইটো ধৰ্বংস হোৱাৰ জাতিৰ লক্ষণ।
সুৰাৰ হোম ডেলিভাৰী নহয় ভেকচিনৰ হোম ডেলিভাৰী কৰা হওক।
Photo: Google





























Discussion about this post