Watch Viral Video: কৰ্ণাটকৰ (Karnataka) মাণ্ডিয়াৰ (Mandya) এটা ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ আছে (Social Media Viral Video)। এই ভিডিঅ’টোত এগৰাকী মাতৃয়ে তেওঁৰ পুত্ৰক ফেঁটী সাপৰ পৰা কথমপি ৰক্ষা কৰিছিল (Mother Saved Her Little Son From A Cobra Snake)। ভয়ংকৰ ঘটনাটো (Horrific Incident) ঘৰৰ ওচৰত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছিল। মাণ্ডিয়াৰ মাদুৰৰ বৈদ্যনাথপুৰ ৰোডত পুৱা এগৰাকী মহিলাই তেওঁৰ কণমানি পুত্ৰক স্কুললৈ থ’বলৈ যোৱাৰ সময়তে ঘৰৰ দুৱাৰমুখত মুখামুখি হয় এডাল বিষাক্ত ফেঁটী সাপৰ।
শিশুটিৱে ঘৰৰ পৰা জঁপিয়াই জঁপিয়াই ওলাই অহাৰ সময়তে ভুলবশতঃ সেই সময়ত দুৱাৰমুখেৰে পাৰ হৈ যোৱা এডাল বিষাক্ত ফেঁটী সাপৰ গাৰ ওপৰত খোজ পৰে। লগে লগে শিশুটিক দংশন কৰিবলৈ ফেট মেলা ফেঁটী সাপডালৰ সন্মুখৰ পৰা অতি ক্ষীপ্ৰতাৰে নিজৰ সন্তানটোক আঁতৰাই আনিবলৈ সক্ষম হয় মাতৃয়ে।
Watch Viral Video:
ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল (Social Media Viral Video) হোৱাৰ পিছতে আশ্বৰ্যচকিত হৈ পৰিছে নেট ব্যৱহাৰকাৰী সকলো। মুহূৰ্তৰ বাবে ফেঁটী সাপৰ দংশনৰ পৰা ৰক্ষা পৰা শিশুটিৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তৎপৰতাৰে শিশুটিৰ জীৱন ৰক্ষা কৰা মাতৃ গৰাকীকো প্ৰশংসা কৰিছে বিভিন্নজনে।
শেহতীয়াকৈ, মহাৰাষ্ট্ৰৰ (Maharastra) চন্দ্ৰপুৰৰ পৰা একে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। তাত এগৰাকী মাতৃয়ে তেওঁৰ তিনি বছৰীয়া জীয়েকক বচাবলৈ নাহৰফুটুকী বাঘৰ সৈতে মুখামুখি হৈছিল আৰু শিশুটিক বাঘৰ মুখৰ পৰা উদ্ধাৰ কৰিছিল।
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-banana-stem-health-benefits/11119/
Discussion about this post