এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰৰ (Lakhimpur) নাওবৈচাত (Nowboicha)। দুবছৰীয়া কন্যাসহ কেইবাদিনো ধৰি সন্ধানহীন এগৰাকী মাতৃ (Missing Mother And Daughter)। যাৰ ফলত উপায়হহীন হৈ এক বিশেষ পুৰস্কাৰ (Reward) ঘোষণা কৰিলে পৰিয়ালে।
বোৱাৰী আৰু কণমানিটিৰ সন্ধান দিলে পুৰস্কাৰ হিচাপে প্ৰদান কৰিব নগদ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ। মেডিকেল কলেজলৈ গৈ কণমানি সন্তানসহ নিৰুদ্দেশ বোৱাৰী। দুয়োগৰাকীৰ নিৰুদ্দেশৰ (Missing Case) পিছতে চিন্তিত পৰিয়াল। বিগত ৯ দিনে সন্ধান নাই লখিমপুৰৰ (Lakhimpur) ফতেহপুৰৰ ফজিলা খাতুনৰ।
লখিমপুৰ মেডিকেল কলেজত (Lakhimpur Medical College) ভৰ্তি হৈ থকা ভনীয়েকৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গৈ ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰে লখিমপুৰৰ নাওবৈচাৰ ফতেহপুৰৰ জাকিৰ হুছেইনৰ পত্নী ফজিলা খাতুন। দুবছৰীয়া কন্যাৰ সৈতে ৩১ আগষ্টতে ওলাই গৈছিল মহিলাগৰাকী।
কিন্তু এটা সপ্তাহতকৈয়ো অধিক সময় ধৰি বোৱাৰীগৰাকীৰ সন্ধান নাপাই চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে আত্মীয়। ইতিমধ্যে স্বামী জাকিৰ হুছেইনৰ পৰিয়ালে লালুক আৰক্ষী (Laluk Police) থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও উলিয়াব পৰা নাই কোনো শুংসূত্ৰ।
কোনো সদাশয় লোকে এইগৰাকী বোৱাৰীৰ সন্ধান পালে 9859277427 আৰু 8837204261 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। নিৰুদিষ্ট বোৱাৰীগৰাকীৰ সন্ধান দিয়া লোকলৈ ৫০ হাজাৰ টকা পুৰষ্কাৰ (50 Thousand Reward) আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে পৰিয়ালৰ লোকে।
Photo & Input: গিৰিশ বৰুৱা
Published By: Dulu Medhi
Discussion about this post