ঝাৰখণ্ডৰ (Jharkhand) জামতাৰাৰ (Jamtara) পৰা এক আচৰিত ঘটনা (Ajab Incident) পোহৰলৈ আহিছে। এগৰাকী মহিলাই তাইৰ স্বামীক এইকাৰণে হত্যা (Murder) কৰিছিল যে, কাৰণ সি তাইক জীন্স (Jeans) পিন্ধিবলৈ বাধা কৰিছিল। এই কথাত খং কৰি পত্নীয়ে স্বামীক চুৰিৰে খুচি খুচি হত্যা কৰে (Husband Stopped Wife Wearing Jeans Angry Women Killed Him)।
ঘটনাটো জামতাৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত যোদভিতা গাঁৱত সংঘটিত হৈছিল। গাওঁখনৰ বাসিন্দা আন্দোলন টুডুৰ বিয়া ২ মাহ পূৰ্বে পুষ্পা হেমব্ৰামৰ সৈতে আৱদ্ধ হৈছিল। মঙলবাৰে নিশা পুষ্পা হেমব্ৰাম জীন্স পিন্ধি মেলা চাবলৈ গোপালপুৰ গাঁৱলৈ গৈছিল। যেতিয়া তাই ঘূৰি আহিছিল তাইৰ স্বামীয়ে আপত্তি কৰিছিল আৰু কৈছিল যে এতিয়া তোমাৰ বিয়া হৈছে আৰু তুমি জীন্সপিন্ধি মেলা চাবলৈ যোৱা উচিত নহয়।
মাত্ৰ এই কথাখিনিক লৈ লোকজনৰ পত্নীৰ খং উঠিল আৰু চুৰিৰে বহুবাৰ আক্ৰমণ কৰে যাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। পৰিয়ালৰ সদস্যসকলে আঘাতপ্ৰাপ্ত যুৱকজনক ধনবাদ পিএমচিএইচলৈ লৈ গৈছিল য’ত তেওঁৰ মৃত্যু হৈছিল।
মৃতকৰ পিতৃ কৰ্ণেশ্বৰ টুডুৱে কৈছিল যে পুত্ৰ আৰু বোৱাৰীৰ মাজত জীন্স পিন্ধাৰ বিষয়ক লৈ কাজিয়া হৈছিল আৰু এই কাজিয়াত বোৱাৰীয়েকে তেওঁৰ পুত্ৰক চুৰিৰে হত্যা কৰিছিল। মহিলাগৰাকীয়েও এই অপৰাধৰ কথা স্বীকাৰ কৰিছে। এই হত্যাকাণ্ডৰ পিছত আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
Photo: Google
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/students-expel-after-social-media-viral-video/11042/
Discussion about this post