শুই থকাৰ সময়ত মোবাইল চাৰ্জত লগাই থৈ কাষতে থাকে নেকি। তেন্তে সাৱধান। নহ’লে আপোনাৰো হ’ব পাৰে প্ৰীতমৰ দৰে অৱস্থা। এনে এক ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত (Karimganj)।
কৰিমগঞ্জৰ বনমালী ৰোডত মৃত্যুক সাৱটিলে এজন যুৱকে (Youth Died While Using Mobile)। বিচনাত শুই মোবাইল চাৰ্জত দি ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট (Electrocution) হৈ মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনৰ নাম হৈছে প্ৰীতম নাথ।
ইয়াৰ পিছতে ঘটনাস্থলীত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ (Kamalakhya Dey Purkayastha) উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। সমগ্ৰ ঘটনাটোৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত।
Photo: News8 Northeast
Discussion about this post