চিলাপথাৰ আৰক্ষী (Silapathar Police) থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিত (Demow Chariali) সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (Horrific Incident)। দেওবাৰে নিশা প্ৰায় ৯ বজাত ডিমৌ চাৰিআলিৰ ব্যৱসায়ী ভক্ত বাহাদু (দিলিপ) ছেত্ৰীৰ লগত খুলশালী চিত্ৰ পাংগিঙৰ (২৭) এটা সাধাৰণ বিষয়ক লৈ হৈছিল তৰ্ক-বিতৰ্ক।
এই কাজিয়াই এই ৰূপ ধাৰণ কৰিছিল যে চিত্ৰৰ খঙৰ সীমা চেৰাই গৈ ইটা এটাৰে মূৰত কোবাই কোবাই হত্যা কৰিছিল ভিনিয়েকক। যাৰ ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক (Tragic Died) সাৱটিলে লোকজনে।
নিশাই ঘটনাস্থলীত জিলা আৰক্ষী প্ৰশাসন উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চিলাপথাৰ আৰক্ষী (Silapathar Police) থানালৈ লৈ গৈ আজি পুৱাই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰাই অভিযুক্ত খুলশালীয়েক (Sister-In-Law) পলাতক হৈ আছে ৷ আৰক্ষীৰ লগতে স্থানীয় জাতীয় সংগঠন আৰু আৰক্ষীয়ে অনুসন্ধান চলাইছে যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। ইপিনে গোৰ্খা সংগঠনে ঘটনাটোক গৰিহণা দিয়াৰ উপৰিও দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷
Photo & Input: ইছৰাকুল ইছলাম
Published By: Dulu Medhi
Discussion about this post