Police Message With Viral Video: বহুতো দুৰ্ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈয়ে থাকে। ইয়াৰে কিছুমান দুৰ্ঘটনা (Accidents) বাহন চলাই থকা চালকে নিজে আমন্ত্ৰণ জনায়। এনেধৰণৰ এই ভিডিঅ’টোত দেখা পোৱা গৈছে। এই ভিডিঅ’টো দিল্লী ট্ৰেফিক পুলিচে শ্বেয়াৰ কৰিছে (Delhi Traffic Police) আৰু অতি অভিনৱ উপায়েৰে মানুহৰ মাজত সজাগতা বিয়পাবলৈ চেষ্টা কৰিছে। ভিডিঅ’টো ছচিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত (Twitter) শ্বেয়াৰ কৰা হৈছে।
এক ভয়ংকৰ দুৰ্ঘটনা হ’লহেঁতেন
এই ভিডিঅ’টোৰ কেপশ্বনত (Caption) লিখা আছে যে ৰাস্তাত নচলিব তোমাৰ ইচ্ছা, এনেকুৱা ষ্টাণ্ট (Stunts) কৰিলে জোৰা দিবলৈও নাপাবা কোনো দৰ্জী। এই ভিডিঅ’টোত যুৱকজনৰ সৈতে ভয়ংকৰ ঘটনা ঘটিব পাৰিলেহেতেন। প্ৰথমতে, আপুনি ছচিয়েল মিডিয়াত ভাইৰেল (Viral Video) হৈ থকা এই ভিডিঅ’টো চাওক…
Road par nahi chalegi TUMHARI MARZI,
Aise stunts karoge toh jodne ke liye bhi nahi milega KOI DARZI!#SpeedKills #RoadSafety pic.twitter.com/RFF7MR26Ao— Delhi Traffic Police (@dtptraffic) August 3, 2022
কথমপি প্ৰাণৰক্ষা যুৱকজনৰ
এই ভিডিঅ’টোত দেখা পোৱা গৈছে যে এজন যুৱকে ৰাস্তাত (Road) যথেষ্ট দ্ৰুতগতিত বাইক চলাই আছিল। হঠাৎ যুৱকজনৰ নিয়ন্ত্ৰণ হেৰাই যায় আৰু বেয়াকৈ বাগৰি পৰে। আৰক্ষীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাইজক আহ্বান জনাইছে যে ৰাস্তাত এলাৰ্ট হৈ থাকক কাৰণ অলপমান অসাৱধানতাই আপোনাৰ জীৱন বিপদত (Life In Danger) পেলাব পাৰে।
ভাইৰেল ভিডিঅ’
প্ৰায় ৩৬ ছেকেণ্ডৰ এই ভিডিঅ’টো (Trending Video) ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ আছে। কেৱল এয়াই নহয় এই ভিডিঅ’টো হাজাৰ হাজাৰ লোকে লাইক কৰিছে। কমেণ্ট বক্সত বহুলোকে পৃথক-পৃথক প্ৰতিক্ৰিয়াও (Reactions) প্ৰকাশ কৰিছে।
Photo: Twitter
Discussion about this post