এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে বিশ্বনাথৰ (Biswanath) অসম অৰুণাচল প্ৰদেশ সীমান্তৰ তিনিসুতি বিৰিজানত। পুখুৰীত গা ধুবলৈ গৈ সলিলসমাধি ঘটিল দুটি কণমানিৰ (2 Baby Drowned Into Pond)। জানিব পৰা অনুসৰি দুদুল কৰ্মকাৰ নামৰ এজন লোকৰ পুখুৰীত গা ধুবলৈ গৈছিল তিনিটা শিশু।
ইয়াৰে ৮ বছৰীয়া নয়ন জ্যোতি কৰ্মকাৰ আৰু ৯ বছৰীয়া অশোক ওৰাং নামৰ শিশু দুটা গভীৰ পানীত সোমাই যায়। ফলত শিশু দুটিৰ কৰুণ মৃত্যু ঘটে। অৱশ্যে আন এটা শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰে। ঘটনাটোৰ পিছতে অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হয়। স্থানীয় ৰাইজে শিশু দুটিক স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
Photo & Input: Palash Priyam
Published BY: Dulu Medhi
Discussion about this post