Curry Leaves Benefits: ভাৰতীয় পাকঘৰত নৰসিংহ পাতৰ ব্যৱহাৰ যথেষ্ট কৰা হয়। বিশেষকৈ দক্ষিণ ভাৰতীয় ব্যঞ্জনৰ বেছিভাগতে এই পাতৰ ব্যৱহাৰ কৰা হয়। নৰসিংহ পাতেৰে যিকোনো খাদ্যৰ সোৱাদ ভাল কৰিব পাৰি। বহুলোকে ইয়াক বজাৰৰ পৰা ক্ৰয় কৰে, আনহাতে কিছুমানে ইয়াক ঘৰতে ৰুৱে।
স্বাস্থ্যৰ ভাণ্ডাৰ হয় নৰসিংহ
নৰসিংহ পাতত (Curry Leaves) ফছফৰাছ, কেলচিয়াম, আইৰন, কপাৰ, ভিটামিন আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে শৰীৰক বিভিন্ন ধৰণে উপকৃত কৰাত সহায়ক। যদি ৰাতিপুৱা শুই উঠি ৩ৰ পৰা ৪টা এই পাত চোবায় তেন্তে ই আপোনাক কেনেদৰে লাভান্বিত কৰিব পাৰে জানো আহক।
আহক জানি লওক নৰসিংহ পাতৰ (Curry Leaves) লাভালাভ-
১. নৰসিংহ পাত (Curry Leaves) খালে নিশাৰ অন্ধত্ব (Night Blindness) বা চকুসম্পৰ্কীয় আন বহুতো ৰোগৰ আশংকা নোহোৱা হয় কিয়নো ইয়াত অত্যাৱশ্যকীয় পুষ্টি ভিটামিন এ (Vitamin A) থাকে যি চকুৰ পোহৰ বৃদ্ধি কৰাত সহায়ক হয়।
২. ডায়েবেটিছ (Diabetes) ৰোগীসকলক প্ৰায়ে নৰসিংহ পাত চোবাবলৈ পৰামৰ্শ দিয়া হয় কিয়নো সেইবোৰত হাইপোগ্লাইচেমিক গুণাগুণ থাকে যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে।
৩. নৰসিংহ পাত পুৱা শুই উঠি চোবাব লাগে কিয়নো ই হজম উন্নত কৰে আৰু কোষ্ঠকাঠিন্য, এচিডিটি, ব্লটিঙকে ধৰি বিভিন্ন পেটৰ জটিলতাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
৪. নৰসিংহ পাতত এণ্টিফাংগাল আৰু এণ্টিবায়টিক গুণ পোৱা যায় যি বহু প্ৰকাৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰে আৰু ৰোগৰ আশংকা প্ৰতিহত কৰে।
৫. নৰসিংহ পাত চোবালে ওজন হ্ৰাস (Weight Loss) আৰু পেটৰ চৰ্বি হ্ৰাস (Belly Fat) হোৱাত সহায় কৰে কিয়নো ইয়াত ইথাইল এচিটেট, মহানিম্বাইন আৰু ডাইক্লোৰোমিথেনৰ দৰে পুষ্টি থাকে।
৬. নৰসিংহৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি বুলি কোৱা হয়।
৭. নৰসিংহ পাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে বুলি কোৱা হয়।
৮. বহুতো চিকিৎসকৰ মতে নৰসিংহৰ কোমল পাতৰ গুড়ি ৫ গ্রাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।
৯. জণ্ডিছ আৰু বহুমূত্র ৰোগত নৰসিংহ পাতৰ ৰস খালে বা নৰসিংহ পাতৰ আঞ্জা খালে সুফল পোৱা যায়।
১০. নৰসিংহৰ পাত সিজাই চেঁচা হ’লে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।
১১. সকলো প্রকাৰৰ খৰ-খজুৱটি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত নৰসিংহৰ পাত গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা প্রৰিত্রাণ পোৱা যায়।
১২. নৰসিংহৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।
১৩. সকলো প্রকাৰৰ জ্বৰ, কাহ-কফ আদিৰ পৰা প্রৰিত্রাণ পাবলৈ নৰসিংহ পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত।
১৪. তেজ বমি হ’লে বা এনে বদহজম হৈ বমি হ’লে নৰসিংহ পাতৰ ৰস খালে বন্ধ হয়।
১৫. যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ’লে নৰসিংহ পাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায়।
১৬. দাঁত উজ্জল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।
১৭. মূৰত ওকণি হ’লে গৰম পানীত নৰসিংহ পাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।
১৮. নৰসিংহৰ গছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা এইবোৰ নহয়।
১৯. নৰসিংহৰ গুটি বা পাত চূর্ণ কৰি খালে কৃ্মি, বাত, অর্শ, কুষ্ঠ বাতৰক্ত আৰু প্রমেহ ৰোগ নিৰাময় কৰিব পাৰে।
২০. চকুত চানি পৰা ৰোগ হ’লে নৰসিংহৰ পাতৰ ৰস গৰুৰ গাখীৰৰ লগত মিহলাই খালেও সুফল পাব পাৰি বুলি কোৱা হয়।
Photo: Google
Discussion about this post