বাক্সাৰ (Baksa) মুছলপুৰত (Mushalpur) দুৰ্নীতি নিবাৰক বিভাগৰ (Directorate of Vigilance and Anti-Corruption) অভিযান। বাক্সা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক (Bipin Kalita) গ্ৰেপ্তাৰ (Arrest)। দাবী (Bribe Case) কৰা ধন লোৱাৰ সময়তে হাতে-লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাৰ সদস্যই।
মুছলপুৰত (Mushalpur) মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ (Directorate of Vigilance and Anti-Corruption) অভিযান ৷ বাক্সা জিলা স্বাস্থ্য বিভাগৰ (Baksa District Health Department) মুছলপুৰস্থ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অভিযান ৷ কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ ৷ নিলিমা ভূঞা নামৰ অৱসৰপ্ৰাপ্ত নাৰ্চ এগৰাকীৰ পেঞ্চনৰ কাম কৰাৰ বাবদ ৫০০০ টকা দাবী কৰিছিল বিপিন কলিতাই ৷
নাৰ্চগৰাকীয়ে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে ৷ সেইমতে আজি মুছলপুৰস্থ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নাৰ্চগৰাকীয়ে টকাখিনি দিয়াৰ পিছতে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ দলে বিপিন কলিতাক হাতে-লোটে ধৰা পেলায় ৷ আজি সেই দলটোৱে কাৰ্যালয়ত প্ৰায় চাৰিঘণ্টা ধৰি বিপিন কলিতাক জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷ পিছত মুছলপুৰ অসামৰিক চিকিৎসালয়ত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি গুৱাহাটীৰ কাৰ্যালয়লৈ লৈ যায় ৷ ইফালে দলটোৰ আন এটা দলে বিপিন কলিতাৰ বৰমা বৰঝাৰৰ বাসগৃহটো অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে ৷ অৱশ্যে অভিযানকাৰী দলটোৱে সাংবাদিকৰ আগত কোনো মন্তব্য নিদিলে ৷
Photo & Input: নন্দ বুঢ়াথোকী ছেত্ৰী
Published BY: Dulu Medhi
Discussion about this post