প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’লে যে, বৃহৎ সংখ্যক পাহাৰীয়া ঠাই আৰু বজাৰত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব অনুসৰণ নকৰাটো চিন্তাৰ বিষয়।
ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, মহামাৰীৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ আমি টিকাকৰণ অভিযান বৃদ্ধি কৰাটো প্ৰয়োজন।
বৈঠকত অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাবিয়া আৰু অন্যান্য সকলে অংশগ্ৰহণ কৰে।
ক’ৰোনা ভাইৰাছৰ তৃতীয় ঢৌ প্ৰতিহত কৰিবলৈ মোডীয়ে লোকসকলক ক’ভিড নিয়মৰ সৈতে আপোচ নকৰিবলৈ আহ্বান জনায় ৷
প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “এয়া সঁচা যে পৰ্যটন আৰু ব্যৱসায় ক’ৰোনাৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছে ৷ কিন্তু মই আজি জোৰ দিব ক’ব বিচাৰো যে, পাহাৰীয়া পৰ্যটন স্থলী আৰু বজাৰত মাস্ক অবিহনে বিশাল জনসমাগম হোৱাটো উচিত নহয়।”
তেওঁ লগতে কয় যে, ‘কোভিড-১৯ মহামাৰীৰ তৃতীয় ঢৌ প্ৰতিহত কৰিবলৈ আমি সকলোৱে একেলগে মিলি কাম কৰিব লাগিব।”
কৰোনা ভাইৰাছৰ প্ৰতিটো স্বৰূপ নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, বিশেষজ্ঞসকলে পৰিৱৰ্তনৰ পিছত ভাইৰাছটো কিমান বিচলিত হ’ব পাৰে সেই বিষয়ে নিৰন্তৰ অধ্যয়ন কৰি আছে। কিন্তু এনে পৰিৱৰ্তনশীল পৰিস্থিতিত প্ৰতিৰোধ আৰু চিকিৎসা অত্যন্ত গুৰুত্বপূৰ্ণ।
প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “আমি অনুসন্ধান আৰু চিকিৎসা সম্পৰ্কীয় আন্তঃগাঁথনি উন্নত কৰি আগবাঢ়িব লাগিব।
ইয়াৰ বাবে কেবিনেটে শেহতীয়াকৈ ২৩,০০০ কোটি টকাৰ পেকেজ অনুমোদন জনাইছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পেকেজৰ সহায় ল’ব পাৰে।”
উত্তৰ-পূবৰ কিছুমান জিলাৰ ক’ভিড-১৯ৰ পৰিস্থিতি উদ্বেগজনক আৰু মুখ্যমন্ত্ৰীসকলক সতৰ্ক হ’বলৈ, অধিক বিস্তাৰ প্ৰতিহত কৰিবলৈ দ্ৰুত পদক্ষেপ ল’বলৈ কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে, সূক্ষ্ম পৰ্যায়ত ভাইৰাছৰ বিস্তাৰ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লোৱা প্ৰয়োজন। বিশেষজ্ঞসকলৰ মতে, দেশৰ প্ৰায়ভাগ অঞ্চলত ক’ভিড-১৯ ঘটনাৰ ক্ৰমান্বয়ে হ্ৰাস হৈছে, কিন্তু উত্তৰ-পূব অঞ্চলটো চিন্তাৰ কাৰণ হৈ আছে।
Photo: Google
Discussion about this post