ৰাজ্যত দিনক-দিনে বৃদ্ধি হৈ গৈয়ে আছে আত্মহত্যাৰ ঘটনা (Suicide Case)। এটাৰ পিছত আনটো আত্মহত্যাৰ ঘটনা সংঘটিত হৈয়ে আছে গুৱাহাটী মহানগৰীৰ (Guwahati) লগতে সমগ্ৰ ৰাজ্যত।
৪ দিন পূৰ্বে বৰপেটাৰ যুৱক এজনে শৰাইঘাট দলঙৰ (Saraighat Bridge) পৰা আত্মহত্যা (Suicide) কৰাৰ ঘটনা মাৰ নৌযাওতেই পুনৰ শৰাইঘাটৰ পুৰণি দলঙত সংঘটিত হয় একে ঘটনা। দলঙৰ মাজ দিশৰ পৰাই জঁপিয়ালে এজন যুৱকে।
শৰাইঘাট দলঙৰ ওপৰতে স্কুটী থৈ আত্নহত্যা কৰে যুৱকজনে। যুৱকজন গুৱাহাটী (Guwahati) বামুনিমৈদানৰ (Bamunimaidam) ৰিন্টু বৰুৱা বুলি চিনাক্ত কৰা হৈছে। শৰাইঘাট দলঙত উদ্ধাৰ হোৱা স্কুটী খনৰ নম্বৰ AS -01-EW-6046। স্কুটী খনৰ লগতে এটা মোবাইল ফোন আৰু এযোৰ চেণ্ডেলো উদ্ধাৰ কৰা হৈছে।
আত্মহত্যা ৰোধ কৰিবলৈ কেইদিনমান পূৰ্বে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল হেল্পলাইন নম্বৰো।
Photo & Input: Ramesh Baishya
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-7-years-old-boy-drowned-into-river/10503/
Discussion about this post