বৰ্তমান ছচিয়েল মিডিয়াত বিবাহৰ ভিডিঅ’ যথেষ্ট ট্ৰেণ্ডিং হৈ আছে। পৰিৱৰ্তনশীল সময়ৰ সৈতে, বিবাহৰ পৰিৱেশো যথেষ্ট পৰিৱৰ্তন হৈছে।
বিবাহৰ মঞ্চত বহি থকা দৰা আৰু কইনাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়া ছাইট ইনষ্টাগ্ৰামত ভাইৰেল হ’বলৈ ধৰিছে।
বৰ্তমান যুগত কইনাই পূৰ্বৰ দৰে চকু তললৈ নমাই বহি নাথাকে আৰু এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিলে এই কথাটোৰ ওপৰত আপোনাৰো বিশ্বাস নিশ্চয়কৈ হ’ব।
কইনাই ষ্টেজৰ ওপৰতে চালে নিজৰ উপহাৰ
নিৰঞ্জন মহাপাত্ৰই ছ’চিয়েল মিডিয়া ছাইট ইনষ্টাগ্ৰামত বিবাহৰ এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে।
এই ভিডিঅ’টোত দৰা আৰু কইনা মঞ্চত বহি আছে। তেতিয়াই বিয়ালৈ অহা অতিথি এজনে কইনাক এটা উপহাৰ বাকচ দিয়ে। কইনাই ধৈৰ্য ধৰিব নোৱাৰিলে আৰু ষ্টেজৰ ওপৰতে উপহাৰটো খুলি চায়।
ভিডিঅ’ লিংক তলত-
https://www.instagram.com/reel/CRGog4mFP5N/?utm_source=ig_web_copy_link
লাজত কইনাৰ মুখ ৰঙা
কইনাই উৎসাহেৰে উপহাৰৰ বাকচটো খুলি থাকে আৰু তাইৰ সমীপতে বহি থকা দৰাই থাকে হাঁহি।
তেতিয়াই বাকচটোত কইনাই কিবা এটা দেখা পাই আৰু তাই লাজত ৰঙা পৰি যায়। মিহিকৈ হাঁহি এটা মাৰি তাই উপহাৰৰ বাকচটো কাষত থৈ দিয়ে। ভিডিঅ’টো ইনষ্টাগ্ৰামত ৰিল হিচাপে আপলোড কৰা হৈছে।
ইউজাৰ্ছে সোধে- এনেকুৱা কি আছিল?
এই ভাইৰেল ভিডিঅ’টো এতিয়ালৈকে প্ৰায় ১০ হাজাৰ লোকে চাইছে। সকলোৱে জানিবলৈ আগ্ৰহী যে এই উপহাৰ বাকচটোত কি আছিল যিয়ে কইনাগৰাকীৰ মুখৰ ৰং সলনি কৰিছিল।
Photo: Zee News
Discussion about this post