ডিফেণ্ডিং বিশ্ব চেম্পিয়ন ভাৰতৰ পি ভি সিন্ধুৱে গ্ৰুপ জেত হংকঙৰ এন ৱাই চিয়ুঙক পৰাস্ত কৰি Tokyo Olympics 2020ৰ মহিলা একক বেডমিণ্টন ইভেণ্টৰ প্ৰী-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিন্তু পুৰুষৰ একক খেলুৱৈ বি চাই প্ৰণীত একেৰাহে দ্বিতীয়খন খেলত পৰাজিত হৈ খেলৰ পৰা বাহিৰ হয়।
ৰিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী সিন্ধুৱে বিশ্বৰ ৩৪ নম্বৰ চিয়ুঙক ৩৫ মিনিটৰ যুঁজত ২১-৯ আৰু ২১-১৬ত পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে। চিয়ুঙৰ বিৰুদ্ধে ছয়খন খেলত সিন্ধুৰ এইটো ষষ্ঠ জয়।
পুৰুষৰ শ্ৰেণীত প্ৰণীতে সৰ্বশ্ৰেষ্ঠ খেলিবলৈ ব্যৰ্থ হয় আৰু ৪০ মিনিটৰ এখন খেলত নেডাৰলেণ্ডৰ মাৰ্ক কালজভৰ হাতত পোনপটীয়া খেলত ১৪-২১ আৰু ১৪-২১ ব্যৱধানত পৰাজিত হয়। গ্ৰুপ ডিত এইটো তেওঁৰ দ্বিতীয়টো পৰাজয় আছিল। কালজভে গ্ৰুপটোত শীৰ্ষস্থান দখল কৰি নকআউট ৰাউণ্ডত উপনীত হৈছিল। কেৱল গোটটোৰ বিজয়ী খেলুৱৈহে আগবাঢ়ি যায়।
সিন্ধুই মেচৰ পিছত ক’লে, দ্বিতীয়খন খেলত মই ছন্দ অৰ্জন কৰিছিলো আৰু তাৰ পিছত জয়ী হ’বলৈ সক্ষম হৈছিলো। এইটো এটা অতি দ্ৰুত প্ৰতিযোগিতা আছিল আৰু মই কিছু ভুল কৰিছিলো। মই মোৰ ৰণনীতি সলনি কৰিছিলো আৰু বস্তুবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো। এটা ডাঙৰ প্ৰতিযোগিতাৰ পূৰ্বে এনে পৰীক্ষা গুৰুত্বপূৰ্ণ।
বিশ্বৰ সাত নম্বৰ খেলুৱৈ সিন্ধুৱে প্ৰীঃকোৱাৰ্টাৰ ফাইনেলত গ্ৰুপ আইত শীৰ্ষত থকা ডেনমাৰ্কৰ ১২ নম্বৰ খেলুৱৈ মিয়া ব্লিচফেল্ডৰ বিৰুদ্ধে খেলিব। ব্লিচফেল্ডৰ বিৰুদ্ধে সিন্ধুৰ জয়-পৰাজয়ৰ ৰেকৰ্ড ৪-১।
Photo: Google
Discussion about this post