অলিম্পিক চেম্পীয়ন জেভলিন থ্ৰ’ৱাৰ (Javelin Thrower) নীৰজ চোপ্ৰাই (Olympic Champion Neeraj Chopra) শুকুৰবাৰে পুনৰবাৰ ইতিহাস ৰচিছে। নীৰজ ডায়মণ্ড লীগ মিটৰ (Diamond League Event) লজেন পৰ্যায় জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে নীৰজ ৭ আৰু ৮ ছেপ্টেম্বৰত জুৰিখত ডায়মণ্ড লীগৰ ফাইনেলত উপনীত হৈছে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয়। লগতে তেওঁ হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।
২৪ বছৰীয়া নীৰজ চোপ্ৰাই (Neeraj Chopra) খিতাপ অৰ্জন কৰিবলৈ প্ৰথম প্ৰয়াসত জেভলিন (Javelin Throw) ৮৯.০৮ মিটাৰ দূৰত্বলৈ দলিয়াইছিল। এইটো তেওঁৰ কেৰিয়াৰৰ তৃতীয় সৰ্বশ্ৰেষ্ঠ প্ৰয়াস। আঘাত পোৱাৰ বাবে তেওঁ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত (Commonwealth Games) অংশগ্ৰহণ কৰিব পৰা নাছিল। হাৰিয়ানাৰ পানীপথৰ বাসিন্দা চোপ্ৰা ডায়মণ্ড লীগৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। চোপ্ৰাৰ আগতে ডিচকাছ থ্ৰ’ৱাৰ বিকাশ গৌড়া হৈছে ডায়মণ্ড লীগ মিটৰ শীৰ্ষ তিনিটাত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয়।
Top finish with 89.08m at Lausanne Diamond League 🔥
He is back and back with a bang!#IndianAthletics@Diamond_League pic.twitter.com/0zTwDpjhyU
— Athletics Federation of India (@afiindia) August 26, 2022
নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ আন দুটা শ্ৰেষ্ঠ থ্ৰো হৈছে- ৮৯.৩০ মিটাৰ আৰু ৮৯.৯৪ মিটাৰ।
উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে ষ্টকহম ডায়মণ্ড লীগত (Diamond League Event) চোপ্ৰাই ব্যক্তিগত শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰ দলিয়াই দ্বিতীয় স্থান লাভ কৰিছিল। কিন্তু সেই খেলতেই আঘাতো পাইছিল নীৰজে।
Photo: Google
Discussion about this post