৮ মাহ পূৰ্বে বিবাহ হৈছিল হে, স্বামীয়ে ডিঙি চেপি হত্যা (Murder) কৰাৰ অভিযোগ সদ্যবিবাহিতা পত্নীক (Wife Killed Her Husband)। দক্ষিন কামৰূপৰ (South Kamrup) ছয়গাঁৱৰ (Chaygaon) জোৰশিমুলীত (Jorshimuli) নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে ন-পত্নীক ৷
জেছমিনা খাতুন নামৰ ন বোৱাৰীক ডিঙিত চেপি হত্যা কৰাৰ আঁৰত বোৱাৰীগৰাকীৰ শহুৰ-শাহু জড়িত বুলি অভিযোগ উত্থাপন হৈছে। ইফালে স্বামী হাফিজুৰ হকৰ দাবী- ‘জানি বুজি হত্যা কৰা নাই, ধেমালি কৰি আছিলো, ধেমালিতে-ধেমালিতে ডিঙি চেপা গ’ল। পত্নী জেছমিনা খাতুনক ডিঙি চেপি ধৰাত মৃত্যু হোৱা বুলি নিজ মুখে স্বীকাৰ কৰে স্বামীয়ে।
ইফালে নিশা পত্নীক হত্যা কৰি স্বামী হাফিজুৰ হকে লগে লগে পলায়ন কৰিছিল। জোৰশিমুলী আৰক্ষীৰ (Jorshimuli Police) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত ডেকাই নিশাতেই অভিযান চলাই হত্যাকাৰী স্বামী হাবিজুৰ হকক গ্ৰেপ্তাৰ (Husband Arrest By Police) কৰিবলৈ সক্ষম হয়।
জোৰশিমুলী আৰক্ষীয়ে বোৱৰীগৰাকীৰ শহুৰেক ছামছুল হক আৰু শাহুৱেক হাজেৰা খাতুনক সোধা-পোছাৰ বাবে আটক কৰে। মাত্ৰ ৮ মাহ পুৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জেছমিনা খাতুন। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত হে ওলাই পৰিব এয়া পৰিকল্পিত হত্যাকাণ্ড নে হাফিজুৰ হকৰ কৰা দাবী সত্য?
Photo & Input: Khatang Khobor




























Discussion about this post