নলবাৰীৰ (Nalbari) বৰভাগৰ দোকোহাতত সংঘটিত হৈছে এক শোকাৱহ আত্মহত্যাৰ ঘটনা (Tragic Suicide Incident)। দুই সন্তানক বিহপান কৰোৱাই নিজেও বিহপান কৰি কৰিলে আত্মহত্যা (Father And Sons Commits Suicide By Consuming Poison)। বিহপান কৰাৰ পিছতেই মৃত্যু হ’ল দুৰ্ভগীয়া পিতৃৰ।
পত্নীয়ে স্বামীসহ কণমানি দুই পুত্ৰক এৰি পৰপুৰুষৰ লগত পলাই যোৱাৰ বাবেই (Extramarital Affair) এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে দ্বিপুল শইকীয়াই। কোনোমতে দিন হাজিৰা কৰি ঘৰ চলাই আছিল লোকজনে। বৃহস্পতিবাৰে সংঘটিত হয় এই কৰুণ ঘটনাটো।
আত্মহত্যা (Suicide Case) কৰাৰ পূৰ্বে দোকোহাৰ দ্বিপুল শইকীয়াই এই ঘটনা সন্দৰ্ভত বুধবাৰে কমাৰকুছি আৰক্ষী (Kamarkuchi Police) চকীত দাখিল কৰিছিল এজাহাৰ। আৰক্ষীয়ে এই ঘটনাক অবহেলা কৰাৰ বাবেই হতাশগ্ৰস্ত হৈ এই চৰম সিদ্ধান্ত ল’লে লোকজনে।
ইফালে দুই পুত্ৰ মানবজ্যোতি (১৩) আৰু ভাৰ্গৱজ্যোতি (৭) সম্প্ৰতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (Guwahati Medical College Hospital) চিকিৎসাধীন হৈ আছে। পিতৃয়ে এনেদৰে এৰি যোৱাত এতিয়া অকলশৰীয়া হৈ পৰিল ২ পুত্ৰ। ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।
Photo & Input: Khatang Khobor
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/minister-pijush-hazarika-on-caa-at-guwahati/11192/
Discussion about this post