তেজপুৰত (Tezpur) সংঘটিত হৈছে অমানৱীয় কাণ্ড। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী বোৱাৰীৰ মৰণ কাতৰ আৰ্তনাদ। বিবাহৰ পিছৰ পৰাই শাৰীৰিক-মানসিক অত্যাচাৰ (Women Physically & Mentally Harrasment By Husband Family) চলাই অহাৰ লগতে গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা স্বামীৰ পৰিয়ালৰ।
উল্লেখযোগ্য যে তেজপুৰ বৰঘাট আৰক্ষী চকীৰ (Tezpur Barghat Police) অন্তৰ্গত চটাই চাপৰি নিবাসী মৃত আব্দুল ছুবানৰ কন্যা তছলিমা বেগমক আঢ়ৈ বছৰ আগতে ঢেকীয়াজুলি আৰক্ষী চকীৰ অন্তৰ্গত ২নং জয় নগৰ নিবাসী জামাল উদ্দিনৰ পুত্ৰ আনাৰুল হকৰ সৈতে বিবাহ সম্পন্ন হৈছিল।
বোৱাৰীৰ পৰিয়ালৰ লোকে জনোৱা মতে পিতৃহাৰা তছলিমা বেগমৰ পৰিয়ালে স্বামীক বিবাহৰ সময়ত সকলো বস্তু বাহানি দিয়া স্বত্তেও বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক (Dowry) হিচাপে বিভিন্ন সময়ত টকা দাবী কৰি শাৰীৰিক-মানসিকভাবে নিৰ্যাতন চলাইছিল।
এই নিৰ্যাতন সম্পৰ্কে বহুবাৰ ৰাইজ মেল অনুষ্ঠিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰে যদিও বন্ধ হোৱা নাছিল স্বামীৰ পৰিয়ালৰ নিৰ্যাতন। অৱশেষত যোৱা ২২ ফেব্ৰুৱাৰীত ৰাতিপুৱা স্বামীৰ পৰিয়ালৰ লোক মামা শহুৰ আব্দুল বাৰেকৰ নিৰ্দেশ অনুযায়ী স্বামী আনাৰুল হক, শহুৰ জামাল উদ্দিন, শাহু আনোৱাৰা বেগম, আমানুল হকে মিলি তছলিমা বেগমৰ গাত কেৰাচিন তেল ঢালি জ্বলাই প্ৰাণে মৰাৰ চেষ্টা কৰে।
পিছত ওচৰ-চুবুৰীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে তছলিমা বেগম। ইতিমধ্যে তছলিমা বেগমৰ পৰিয়ালৰ লোকে ঢেকীয়াজুলি আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ 498(A),326,307,341 ধাৰাৰ ৭৬/২০২২ নম্বৰত গোচৰ ৰুজু কৰিছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post