পাৰিবাৰিক সংঘাতৰ (Family Clash) ভয়ংকৰ পৰিণতি। চৰাইদেউৰ (Charaideo) সাপেখাতীৰ (Sapekhati) গৰিয়াছিগাত গাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা (Tragic Incident)। নিশা দ’ পুখুৰীত জপিয়ালে নৱ বিবাহিতা দম্পতীয়ে (Husband And Wife Jumped Into Pond)।
সাপেখাতীৰ গৰিয়াছিগা গাঁৱৰ নিবাসী বিবেক দাসৰ পুত্ৰ-বোৱাৰী কমল দাস আৰু সুৰভী দাসে সোমবাৰে নিশা ঘৰৰ ওচৰতে থকা এটা দ’ পুখুৰীত দুয়ো জপিয়াই আত্মহত্যা (Suicide Case) কৰে।

পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। সাপেখাতী আৰক্ষী (Sapekhati Police) আৰু SDRFৰ অভিযানত উদ্ধাৰ মৃতদেহ দুটা। ৬ মাহৰ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হৈছিল আৰু আৰম্ভ কৰিছিল এখন সুখৰ সংসাৰ ৷ কিন্তু সেই সুখৰ সংসাৰখনত লাগিল কেনা। শান্তি নোহোৱা হ’ল ঘৰখনত। তাৰ পিছতে দুয়ো স্বামী-স্ত্ৰীয়ে এই চৰম পথ বাচি লয়। ঘটনাটোৰ পিছতে দুয়োখন ঘৰৰ মাজতে এক হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হয়।
Photo & Input: Khatang Khobor
Published By: Dulu Medhi




























Discussion about this post