চৰাইদেউ (Charaideu) জিলাৰ সাপেখাতীত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে। পাষাণ পিতৃৰ কামনাৰ বলি হৈ ৭ মাহৰ গৰ্ভৱতী (Pregnant) এগৰাকী ১৪ বছৰীয়া কিশোৰী।
জিলাখনৰ অসম-অৰুণাচলপ্ৰদেশ সীমান্তৱৰ্তী চৰাইপুঙ আৰক্ষী থানাৰ অন্তৰ্গত নগাহাট ডাবলু হাবি গাঁৱত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা।
লম্পট চিমন ধনি(৫৮) নামৰ লোকজনে নিজৰ তোলনীয়া কন্যাৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল। ঘৰত কোনো নথকাৰ সুযোগত পাষাণ লোকজনে কন্যাৰ ওপৰত নিৰ্যাতন চলাই আহিছিল।
কিশোৰীগৰাকী স্বাস্থ্যৰ কিছু অৱনতি ঘটাত মাতৃয়ে ১ অক্টোবৰত সাপেখাতীত স্বাস্থ্য পৰীক্ষা কৰাত চিকিৎসকে কিশোৰীগৰাকী ৭ মাহৰ অন্তঃসত্বা বুলি জানিব দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ঘটনাৰ দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে চিমন ধনি নামৰ লোকজন।
Photo: Khatang Khobor
Discussion about this post