ৰঙিয়াৰ (Rangia) এখন বিদ্যালয়ত এগৰাকী সপ্তমমানৰ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই বিদ্যালয়ৰ পৰা পলায়ন কৰা অংক মাষ্টৰ বিনোদ গোস্বামী বৰ্তমান ৰঙিয়া থানাৰ আলহী (Sexual Harassment By Match Teacher)। ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে সোমবাৰে শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Rangia Police Arrest Teacher)।
উল্লেখ্য যে যোৱা ১৩ অক্টোবৰত ৰঙিয়াৰ পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলত দুপৰীয়া মধ্যাহ্ন ভোজন চলি থকাৰ সময়ত ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাইছিল। শিক্ষকগৰাকীৰ এনে কু-কাৰ্যৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাত সমগ্র বিদ্যালয়খনতে এক হুলস্থুলীয়া পৰিবেশে বিৰাজ কৰিছিল।
ঘটনাৰ পিছতে কৌশলেৰে অভিযুক্ত শিক্ষকজনে পলায়ন কৰিছিল। পিছত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীয়ে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক লিখিতভাবে বিষয়টো অৱগত কৰাত পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই তাৎক্ষণিকভাবে নিলম্বন কৰে শিক্ষক বিনোদ গোস্বামীক (Teacher Binod Goswami Suspend)।
ইফালে পলায়ন কৰি থকা অভিযুক্ত শিক্ষক বিনোদ গোস্বামীক সোমবাৰে নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰতীয় দণ্ডবিধিৰ 354 (A) ধাৰাৰ উপৰিও POCSO আইনৰ অধীনত শিক্ষক বিনোদ গোস্বামীৰ বিৰুদ্ধে ৰঙিয়া থানাত (Rangia Police) এটি গোচৰ ৰুজু হৈছিল। গোচৰ নং 635/22 .
উল্লেখযোগ্য যে ২০১৬ চনত বাৰাংহাটী দৌলপুখুৰীপাৰ হাইস্কুলত কৰ্মত অৱস্থাত থকাৰ সময়তো এইজন শিক্ষকে এগৰাকী ছাত্ৰীক ঠিক একে ঘটনা সংঘটিত কৰিছিল। যাৰ বাবে শিক্ষা বিভাগে শিক্ষক বিনোদ গোস্বামীক চাকৰিৰ পৰা নিলম্বন কৰিছিল।
Photo & Input: চফিকুল আহমেদ
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/lifestyle-tips-kati-bihu-celebration-in-assam/12334/
Discussion about this post