দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী (OC) বিষয়া বিনোদ কুমাৰ দাসক নিলম্বন (Suspend)। জুৱাৰীৰ পৰা ধন সংগ্ৰহ কৰা আৰু জুৱাৰীৰ লগত জড়িত থকা সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসক দক্ষিণ শালমাৰা মানকাচৰ (South Salmara Mancacher Police) জিলাৰ আৰক্ষী অধীক্ষকে নিলম্বন (Suspend) কৰিছে।
চাওক ভিডিঅ’-
জুৱাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ ভিডিঅ’ (Taking Money Video) সহকাৰে খাটাং খবৰৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এনে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষী বিষয়াজনক নিলম্বন কৰিছে আৰক্ষী অধীক্ষক সুবধ কুমাৰ সোণোৱালে ৷
ইতিমধ্যে বিষয়াগৰাকীক নিলম্বন কৰাৰ পিছৰে পৰা ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব দিয়ে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷
Input & Photo: Tarif




























Discussion about this post