এক ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত হৈছে মৰিগাঁৱত (Morigaon)। এগৰাকী আশা কৰ্মীক (ASHA Worker) পানীৰ সৈতে নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি দুই মহিলাই লুটি লৈ গ’ল ডিঙিৰ আৰু কাণৰ সোণৰ অলংকাৰ (Two Womens Loot Gold Jewellery)।
জানিব দিয়া অনুসৰি, শুকুৰবাৰে আশা কৰ্মী বিউটি বণিয়া দাসক সংজ্ঞানহীন কৰি দুই মহিলাই সংঘটিত কৰে এই ভয়ংকৰ ঘটনা। শুকুৰবাৰে দুপৰীয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ (Moriagon Civil Hospital) পৰা উভটিছিল মৰিগাঁও বাখৰবড়ি নিবাসী আশা কৰ্মী বিউটি বণিয়া দাস। সেই সময়তে তেওঁৰ পিছে পিছে খোজকাঢ়ি আহি আছিল দুগৰাকী মহিলাও।
একেলগে খোজকাঢ়ি আহি থকাৰ সময়তে সেই পিছে পিছে আহি থকা দুই মহিলাৰ সৈতে সাধাৰণ কথা বতৰাও হয় আশাকৰ্মী গৰাকীৰ (ASHA Worker)। তাৰ পিছতে প্ৰখৰ ৰদৰ বাবে এগৰাকী মহিলাই বেগৰ পৰা এটা পানী বটল উলিয়াই আশাকৰ্মী বিউটি বণিয়াক পানী খাবলৈ দিয়ে। আশাকৰ্মী গৰাকীয়েও একো কথা নাভাবি পিয়াহত পানীৰ বটলটো লৈ পানী খাই আৰু তাৰ অলপ পিছতে আশাকৰ্মীগৰাকী অচেতন হৈ পৰে।
ইয়াৰ সুযোগ লৈ মহিলা দুগৰাকীয়ে তেওঁ পিন্ধি থকা সোণ আৰু ৰূপৰ অলংকাৰ আৰু কিছু নগদ ধন লৈ পলায়ন কৰে। তাৰ পিছত এগৰাকী ই-ৰিক্সা চালকে পৰৱৰ্তী সময়ত আশাকৰ্মী বিউটি বণিয়াক অচেতন হৈ পৰি থকা দেখি মৰিগাঁও অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোৱায়। বর্তমান হাস্পতালতে চিকিৎসাধীন হৈ আছে আশাকৰ্মী গৰাকী।
Photo: News8 Northeast
Discussion about this post