মধ্য প্ৰদেশৰ (MadhyaPradesh) বেতুল জিলাৰ এজন লোকে তেওঁৰ পত্নীক হত্যা কৰিবলৈ লোহাৰ দুৱাৰত বৈদ্যুতিক তাঁৰ (Electric Wire) মেৰিয়াই থৈছিল, কিন্তু তেওঁৰ ৫৫ বছৰীয়া শাহুৱেকে পত্নীৰ পূৰ্বে দুৱাৰখন স্পৰ্শ কৰিছিল আৰু বৈদ্যুতিক তাঁৰৰ স্পৰ্শত মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল (Man Lays Electric Wire To Kill Wife But Mother In Law Dies)। আৰক্ষীয়ে মঙলবাৰে এই ঘটনাৰ বিষয়ে জনাইছিল। কোতৱালী আৰক্ষী থানাৰ (Kotwali Police) ভাৰপ্ৰাপ্ত বিষয়া অপলা সিঙে কৈছিল যে ঘটনাটো সোমবাৰে কোতৱালী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চাইখেদা গাঁৱত সংঘটিত হৈছিল।
বিষয়াগৰাকীয়ে কৈছিল যে, দেওবাৰে নিশা এটা কথাক লৈ স্বামী-স্ত্ৰীৰ মাজত হৈছিল কাজিয়া। খঙত মহিলাগৰাকী তাইৰ মাকৰ ঘৰলৈ গুচি গৈছিল। যেতিয়া পত্নীয়ে ঘৰৰ পৰা ওলাই গৈছিল স্বামীৰ যথেষ্ট খং উঠিছিল আৰু শাহুৱেকৰ ঘৰ গৈ পাইছিল। তাত স্বামীয়ে পত্নীক হত্যা (Murder Case) কৰিবলৈ লোহাৰ মুখ্য দুৱাৰত বৈদ্যুতিক তাঁৰ মেৰিয়াই থৈছিল।
শাহুৱেকৰ মৃত্যু হোৱাৰ লগে লগে জোৱায়েক ঘটনাস্থলীৰ পৰা পলাই যায়। আৰক্ষীয়ে কোৱা অনুসৰি লোকজনক ধৰিবলৈ চেষ্টা কৰি আছে।
photo: Google
Discussion about this post