নাৰী নিৰ্যাতনৰ ঘটনাই পুনৰবাৰ জোকাৰিছে ৰাজ্য। এইবাৰ স্থান নুমলীগড় শোধনাগাৰ। NRLৰ ডেপুটি জেনেৰেল মেনেজাৰ পৰ্যায়ৰ বিষয়া নীহাৰ প্ৰসাদ শৰ্মা নামৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনি এজাহাৰ দাখিল কৰিছে এগৰাকী কনিষ্ঠ অভিযন্তা যুৱতীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নীহাৰ প্ৰসাদ শৰ্মাক আটক কৰিছে গুৱাহাটীত।
নীহাৰ প্ৰসাদ শৰ্মা নামৰ এজন DGM পৰ্যায়ৰ বিষয়াই এগৰাকী যুৱতী অভিযন্তাক ১৯ জুলাইত নিজ গৃহলৈ নি সুৰাৰ পাৰ্টী কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত নুমলীগড় আৰক্ষী চকীত ১৯ আগষ্টত যুৱতীগৰাকীয়ে দাখিল কৰিছে একengineer গোচৰ। এই গোচৰৰ ওপৰত ভিত্তিতে আৰক্ষীয়ে নীহাৰ প্ৰসাদ শৰ্মাক আটক কৰে।
কিন্তু লগতে এটা কথাও উত্থাপন হৈছে যে, বিগত ৪ আগষ্টত এই নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল কিন্তু ৰহস্যজনকভাৱে নিৰ্যাতিত যুৱতী অভিযন্তাগৰাকীয়ে কিন্তু দাখিল কৰা নাছিল কোনো অভিযোগনামা। বিগত ১৯ আগষ্টতহে যুৱতীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।
Photo: google
Discussion about this post