এক নৃশংস ঘটনা (Horrific Incident) সংঘটিত হৈছে ডিব্ৰুগড়ত (Dibrugarh)। পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীক (Wife Killed Husband)। বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত কলাখোৱা বাহবাৰি গাঁও নিবাসী খৰ্গেশ্বৰ ওৰফে মইনা দিহিঙীয়াক দাৰে ঘপিয়াই হত্যা (Murder Case) কৰে পত্নী দেৱযানী দিহিংগীয়াই।
কোনো বিশেষ কাৰণত বাক বিতণ্ডা হৈছিল স্বামী-পত্নীৰ মাজত। আৰু ইয়াৰ পিছতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা। কাজিয়া আৰম্ভ হোৱাৰ সময়ত সৰু পুত্ৰও আছিল ঘৰতে। পিতৃ-মাতৃৰ কাজিয়া দেখি ওচৰ-চুবুৰীয়াক মাতিবলৈ গৈ ঘূৰি অহাৰ আগতে মাতৃ দেৱযানি দিহিংগীয়াই ইতিমধ্যে হত্যা কৰে স্বামীক। পুত্ৰ উপস্থিত হোৱাত দেখা পাই পিতৃৰ কটা ডিঙি আৰু মাতৃৰ হাতত ‘দা’।
দাৰ ঘাপত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় পিতৃ মইনা দিহিঙীয়া। ইয়াৰ পিছতে আহত খৰ্গেশ্বৰ দিহিঙীয়া ওৰফে মইনা দিহিঙীয়াক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটি লয়। এই ঘটনাৰ পিছতে পত্নী দেৱযানী দিহিঙীয়াক গ্ৰেপ্তাৰ (Wife Arrest) কৰে বৰবৰুৱা আৰক্ষীয়ে (Barbaruah Police)। বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে দেৱযানী দিহিঙীয়া।
PHoto & Input: জিতু দাস
Published By: Dulu Medhi
Discussion about this post