সোমবাৰে গুৱাহাটীত (Guwahati) সংঘটিত হৈছে এক জঘন্য চুৰিকাণ্ড (Theft)। চোৰে (Thieves) সামগ্ৰী চুৰি কৰাৰ লগতে ঘৰৰ ভিতৰত প্ৰস্ৰাৱ-পায়খানা কৰি লেতেৰা কৰি থৈ যায়। লগতে দাঁত ব্ৰাছো কৰে চোৰে।
এজন বেংক মেনেজাৰৰ ঘৰত চুৰি কৰি পায়খানা কৰি পৰিৱেশ বিনষ্ট কৰে চোৰে। এই চুৰিকাণ্ডটো সংঘটিত হৈছে গুৱাহাটীৰ গীতানগৰ থানাৰ (Guwahati Geetanagar) অন্তৰ্গত অম্বিকাগিৰী নগৰৰ আকাশী পথৰ ১নং উপপথৰ ১নং বাসগৃহত।
বিশ্বনাথ চাৰিআলিৰ বাসিন্দা প্ৰাঞ্জল শৰ্মাই অম্বিকাগিৰী নগৰৰ আকাশী পথৰ ১নং উপপথৰ ১নং বাসগৃহৰ বাসিন্দা প্ৰতাপ চন্দ্ৰ তালুকদাৰৰ ঘৰত পৰিয়ালসহ ভাড়াতীয়া হিচাপে থাকে। লোকজন মহানগৰীৰ ABCৰ এক্সিছ বেংক (AXIS BANK) ত মেনেজাৰ হিচাপে কাম কৰি আছে।
উৰুকাৰ দিনা প্ৰাঞ্জল শৰ্মাই পৰিয়ালক লগত লৈ বিশ্বনাথ চাৰিআলিৰ ঘৰলৈ বিহু খাবলৈ যায়। ইয়াৰ পিছতে প্ৰাঞ্জল শৰ্মাৰ ঘৰত চুৰি হোৱা বুলি ঘৰৰ মালিকে ফোন কৰি জনায়। খবৰ পোৱা মাত্ৰকে দেওবাৰে সন্ধিয়া পৰিয়ালৰ সৈতে ভাড়াঘৰত উপস্থিত হয়।
ঘৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰাঞ্জল শৰ্মাই ঘৰৰ সকলো সামগ্ৰী লণ্ড ভণ্ড হৈ থকাৰ লগতে খিৰিকীৰ গ্ৰীল ভঙা অৱস্থাত দেখা পায়। চোৰৰ দলটোৱে ঘৰটোৰ পাছফালৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰি গডৰেজ আৰু আলমিৰা ভাঙি সকলো সামগ্ৰী লণ্ড ভণ্ড কৰে।
ঘৰটোৰ পৰা লুটি লৈ যায় নগদ ২০,০০০ হাজাৰ টকা,সোণৰ আ-অলংকাৰ, পাট-মুগাৰ কাপোৰ, কেইবাটাও মূল্যবান ঘড়ী (Thieves Looted Money)। মুঠতে প্ৰায় চাৰি লাখ টকাৰ সামগ্ৰী লুটি লৈ যায় চোৰে। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে চোৰৰ দলটোৱে ঘৰৰ বিভিন্ন ঠাইত শৌচ, প্ৰস্ৰাৱ কৰি লেতেৰা কৰি থৈ যায়। কেৱল এয়াই নহয় চোৰৰ দলটোৱে দাঁত ব্ৰাছ কৰিও যায়।
ঘৰটোৰ গৰাকী এহাল বৃদ্ধা দম্পত্তিৰ সুযোগ লৈ পূৰ্বেও সাতবাৰকৈ চুৰি কাণ্ড সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত ঘৰৰ গৰাকীয়ে গীতানগৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে চুৰি হোৱা ঘৰটোৰ কাষতে থকা এটা ঘৰৰ চি চি কেমেৰাত এজন চোৰৰ অহা যোৱা কৰি থকা দৃশ্য আৱদ্ধ হৈছে।
Input: Khatang Khobor
Discussion about this post