বলিউড ছবি ফিৰ হেৰা ফেৰীৰ কাহিনীটো মনত আছেনে! ২১ দিনত পইছা ডাবল কৰাৰ প্ৰলোভনত কেনেকৈ সৰ্বস্বান্ত হৈছিল অক্ষয় কুমাৰ, ৰাজপাল যাদৱ। ঠিক তেনে ঘটনাই ঘটিছে হোজাইত। পিণ্টু, মিণ্টু, চিন্টু নামৰ তিনি ভাতৃয়ে পেলালে প্ৰৱঞ্চনাৰ জাল। জমা দিয়া ধন দুগুণ কৰি দিয়াৰ প্ৰলোভনেৰে লুটিলে বহুজনক।
২০১৮ বৰ্ষতে তিনি ভাতৃয়ে গঠন কৰিছিল সুজাতা মিউচিউৱেল বেনিফিট নিধি নামৰ এটা কোম্পানী। সেই কোম্পানীৰ অধীনত তেওঁলোকে আগবঢ়াইছিল গৃহিণীৰ সহায়ক হোৱা বিভিন্ন সামগ্ৰী। এবছৰৰ পাছত তেওঁলোকে বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিলে ধন।
শ্বেয়াৰ মাৰ্কেটত সেই টকা বিনিয়োগ কৰি কম সময়ত দুগুণ তিনিগুণ কৰি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিলে তিনি ভাতৃয়ে। প্ৰথমে দহ হাজাৰ টকা জমা দিয়া লোকক তিনি মাহত ২০,০০০, ২০,০০০ টকা জমা দিয়াসকলক চাৰি মাহত ৪০০০০। ৫০০০০ টকা জমা দিয়াসকলক ছমাহত ১ লাখ টকা ঘূৰাই দিলে।
কেইমাহমান এনে কৰি গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰিলে তিনি ভাতৃয়ে। তাৰ পাছত ১ লাখ, দুই লাখ, ৫ লাখ, দহ লাখ বিচাৰিলে গ্ৰাহকৰ পৰা। সেই ধন সংগ্ৰহ কৰি আত্মসাৎ কৰিলে তিনি ভাতৃয়ে। থানাত দাখিল হ’ল এজাহাৰ। আৰক্ষীয়ে তিনিও ভাতৃক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিলে জে’ল-হাজোতলৈ।
Photo: KhatangKhobor




























Discussion about this post