শিৱসাগৰ (Sivasagar) জয়সাগৰ আৰক্ষী (Jaysagar Police) থানাৰ অন্তৰ্গত বগীদ’ল ডিমৌ কিনাৰ সন্দিকৈ গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ আত্মহত্যাৰ (Suicide Case) ঘটনা। পিতৃয়ে ২ পুত্ৰক বিহ খুৱাই নিজে বিহ খাই কৰিলে আত্মহত্যা (Father And Two Son Commited Suicide)। জ্যেষ্ঠ পুত্ৰক সংকটজনক অৱস্থাত ভৰ্তি ডিব্ৰুগড় মেডিকেলত (Dibrugarh Medical)।
বগীদ’ল ডিমৌ কিনাৰ সন্দিকৈ গাঁৱৰ পিতৃ মিদুল সন্দিকৈ,পুত্ৰ পিণ্টু সন্দিকৈ আৰু মিণ্টু সন্দিকৈৰ আত্মহত্যা। মিণ্টু সন্দিকৈক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱাই ডিব্ৰুগড় মেডিকেলত।
পিতৃ মিদুল সন্দিকৈ আৰু পিণ্টু সন্দিকৈ মত্যুক আকোৱালি লোৱাৰ পৰিৱৰ্তে মিণ্টু সন্দিকৈ যুঁজি আছে জীৱণ-মৃত্যুৰ সৈতে। কণীৰ সৈতে ফুৰাডন মিহলাই আত্মহত্যাৰ (Commited Suicide) পথ বাচি লয়। সেই সময়ত ঘৰত নাছিল মিদুল সন্দিকৈৰ পত্নী আৰু কন্যা।
ইফালে আত্মহত্যাৰ (Suicide Case) পথ বাচি লোৱা মিদুল সন্দিকৈৰ পত্নীৰ বিৰুদ্ধে অভিযোগ যে- ‘আমি মিণ্টু-পিণ্টু আৰু মিদুল সন্দিকৈয়ে মুনমীলৈ ফোন কৰিছিলো। মুনমীয়ে ক’লে, তই মৰি থাক। নহ’লে মোৰ দেউতা আৰু ককাই তোক মাৰি পেলাব আৰু ল’ৰা দুটা লৈ আহিব। গতিকে তই জীয়াই থকাৰ দৰকাৰ নাই। এই কথাখিনি কোৱা কাৰণে মই এই সিদ্ধান্ত ল’লো আৰু এটা কথা মোৰ মানুহজনী ব্যভিচাৰী তাইৰ বেলেগ মানুহৰ সৈতে বহুত সম্পৰ্ক গতিকে মই তাইক মাৰধৰ কৰিছিলো। মই ক্ষমা খুজিছিলো কিন্তু তাই মোক ক্ষমা নিদিলে।’
Photo & Input: পাৰচিচ আহমেদ
Published BY: Dulu Medhi
Discussion about this post