কলিয়াবৰত (Kaliabar) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কুঠৰী ২নং ন-জানত ওলাইছে এটা নৰকংকাল (Skeleton Recover)। শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ হৈছে নৰকংকালটো।
কলিয়াবৰৰ কুঠৰী ২নং ন-জান গাঁৱৰ এঘৰৰ শৌচাগাৰৰ পৰা শুকুৰবাৰে উদ্ধাৰ হৈছে নৰকংকালটো। উমেশ বৰা নামৰ লোকজনৰ চৌহদতে থকা শৌচাগাৰৰ পৰা উদ্ধাৰ হয় নৰকংকালটো। দণ্ডাধীশৰ উপস্থিতিত বাগৰি আৰক্ষীয়ে উদ্ধাৰ কৰে কংকালটো (Bagori Police Recover Skeleton)। কংকালটো গৃহস্থ উমেশ বৰাৰে বুলি সন্দেহ প্ৰকাশ আৰক্ষী আৰু স্থানীয় ৰাইজৰ।
ঘটনাৰ বিবৰণী অনুসৰি তিনিমাহৰ পূৰ্বৰে পৰা সন্ধানহীন (Miising Case) হৈ আছিল উমেশ বৰা নামৰ লোকজন। উমেশৰ পত্নীয়ে এই সম্পৰ্কত বাগৰি আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছিল যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল আৰক্ষী। শেহতীয়াভাবে এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে আজি এটা নৰকংকাল উদ্ধাৰ (Skeleton Recover) কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ হোৱা নৰকংকালটো নিৰুদ্দিষ্ট উমেশ বৰাৰে বুলি ধাৰণা কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ হাতত পৰা খবৰ অনুযায়ী স্থানীয় মুজিবুৰ ৰহমান নামৰ লোকজনৰ সহায়ত পত্নীয়েই স্বামী উমেশ বৰাক হত্যা (Murder) কৰি শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল। পৰকীয়া প্ৰেমৰ (Extramarital Affair) বাবেই এই হত্যাকাণ্ড (Murder Case) সংঘটিত হোৱাৰ সন্দেহ আৰক্ষী আৰু স্থানীয় ৰাইজৰ। উমেশৰ পত্নী আৰু মুজিবুৰক আটক কৰি আৰক্ষীয়ে বৰ্তমান জখলাবন্ধা আৰক্ষী থানাত (Jakhalabandha Police) জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব এই ঘটনাৰ ৰহস্য।
Photo & Input: অনুপ বৰা
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-smelly-underarms-in-summer-home-remedies/10892/
Discussion about this post